নেশ্যনেল ডেস্ক, ৩০ জুলাই: এটা বাসগৃহত কেইটিমান শিশুৱে খেলি আছিল । তেওঁলোকে ধেমালি কৰিয়েই শ্বহীদ-এ-আজম নাটক প্ৰদৰ্শন কৰিছিল । কোনোৱে শ্বহীদ ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, কোনোৱে ৰাজগুৰু আৰু কোনোৱে সুখদেৱৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল । ঘৰখনত অকলেই আটাইকেইটা শিশুৱে এই আখৰা চলাই আছিল ।
সময় হৈছিল ভগত সিঙৰ ফাঁচীৰ দৃশ্যৰ আখৰা কৰাৰ । ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰা ১০ বছৰীয়া শিৱমে ডিঙিত ৰচী বান্ধি থিয় হৈছিল এখন ষ্টুলৰ ওপৰত । দুৰ্ভাগ্যৱশতঃ হঠাতে শিশুটিৰ ভৰি পিছলি ষ্টুলখনৰ পৰা আঁতৰি আহে ৰচীডালৰ গাঁঠি টান হৈ যায় । ফলত শিশুটিয়ে কৰুণ মৃত্যুক সাৱতিবলগীয়া হয় ।
এই অঘটন সংঘটিত হোৱাৰ পিছত পৰিয়ালৰ সদস্যসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে শিশুটিৰ অন্ত্যেষ্টিক্ৰিয়া কৰে পৰিয়ালৰ লোকে ।