নেশ্যনেল ডেস্ক,২৬ আগষ্ট : উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এগৰাকী শিক্ষকে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সংখ্যালঘু সম্প্ৰদায়ৰ এটা কিশোৰক চৰ মাৰিবলৈ উচতনি দিয়াৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে বিভিন্ন মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে । এই ঘটনাক তীব্ৰ গৰিহণা দিছে কংগ্ৰেছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে এই ঘটনাৰ বাবে বিজেপিক জগৰীয়া কৰিছে ।
উল্লেখ্য যে ঘটনাটো মনচুৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খুব্বাপুৰ গাঁৱত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ভিডিঅ'টোত দেখা অনুসৰি শিক্ষক এজনে শিক্ষাৰ্থীসকলক এজন সংখ্যালঘু কিশোৰক প্ৰহাৰ কৰিবলৈ কৈছে । শিক্ষকজনৰ বিৰুদ্ধে সম্প্ৰদায়টোৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দিয়াৰো অভিযোগ উত্থাপিত হৈছে । প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে ছাত্ৰজনে তেওঁৰ শ্ৰেণীৰ কাম সঠিকভাৱে সম্পূৰ্ণ কৰা নাছিল যাৰ বাবে তেওঁ প্ৰহাৰ কৰা হৈছিল । শিক্ষকজনে কৰা আপত্তিজনক মন্তব্য সন্দৰ্ভত বিষয়টো তদন্ত কৰা হৈছে । অৱশ্যে ভিডিঅ'টোত দেখা লোকসকলৰ পৰিচয় এতিয়ালৈ নিশ্চিত হোৱা নাই ।