নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: বৰ্তমান ভাৰতৰ পূৱ-পশ্চিম উপকূলৰ বতৰ বিশেষ ফৰকাল হোৱা পৰিলক্ষিত হোৱা নাই । বুধবাৰৰ পৰা ভাৰতৰ পশ্চিম উপকূল, উত্তৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটত অধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(Rainfall in India's western coast) । মহাৰাষ্ট্ৰ উপকূলৰ ওচৰত হোৱা নিম্ন চাপৰ বাবে বৰষুণে ঘূৰ্ণীবতাহৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈছে(Cyclone storm over north Maharashtra) ৷
আনহাতে, দক্ষিণ থাইলেণ্ডৰ উপকূলীয় অঞ্চলৰ নিম্ন চাপৰ প্ৰভাৱৰ বাবে ৪ ডিচেম্বৰত ভাৰতৰ পূব উপকূলত ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে । নেৰানেপেৰা বৰষুণ আৰু বানে ক্ষতিগ্ৰস্ত কৰা পূৱ উপকূলত বৃষ্টিপাত অধিক হোৱাৰ সম্ভাৱনা আছে ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে জনোৱা তথ্য মতে, বৃষ্টিপাত পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে ৷ ২ ডিচেম্বৰৰ ভিতৰত দক্ষিণ-পূৱ আৰু ইয়াৰ কাষৰীয়া পূৱ-মধ্য বংগোপ সাগৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে । পৰৱৰ্তী ২৪ ঘণ্টাত বংগোপ সাগৰৰ গভীৰতাত এই বৃষ্টিপাত ঘূৰ্ণী বতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা অধিক ।
পৰৱৰ্তী সময়ত এই ঘূৰ্ণীবতাহ উত্তৰ-পশ্চিম দিশে আগবাঢ়িব আৰু গতিবেগ অধিক তীব্ৰতৰ হ'ব । ৪ ডিচেম্বৰৰ পুৱা উত্তৰ অন্ধ্ৰপ্ৰদেশ-ওড়িশা উপকূলত পাবগৈ ঘূৰ্ণীবতাহ ।