নিউজ ডেস্ক, ৩ জানুৱাৰী :মিজোৰামৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ সৈতে এলানি আলোচনাৰ কাৰ্যসূচী লৈ বুধবাৰে আবেলি ৪.৪০ বজাত দিল্লীত অৱতৰণ কৰাৰ কথা আছে ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া তথা মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাৰ এই কাৰ্যসূচীত মিজোৰামে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিতৰ্কিত সীমান্ত সমস্যাসমূহে স্থান পোৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে সংঘৰ্ষগ্ৰস্ত মণিপুৰ, ম্যানমাৰ আৰু অসমৰ সৈতে সীমান্তত আছে মিজোৰাম । আনহাতে, মিজোৰামে এই সীমান্তত এক তীব্ৰ সংকটৰ সন্মুখীন হৈ আহিছে । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই ইটিভি ভাৰতক জনোৱা অনুসৰি, গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তেওঁৰ বৈঠক অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই ।
আনহাতে, চুবুৰীয়া মণিপুৰত সংঘটিত জাতিগত সংঘৰ্ষই ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাত বিপদ ঘণ্টা বজাইছে । ইয়াৰ লগতে পুনৰ এবাৰ জাতিগত প্ৰতিদ্বন্দ্বিতাৰ মাৰাত্মক স্মৃতি ঘূৰাই আনিছে । একেদৰে, ২০২১ চনত ম্যানমাৰত সংঘটিত অভ্যুত্থানৰ পিছৰে পৰা মিজোৰাম অবাধ গতিত শৰণাৰ্থী প্ৰৱেশৰ সন্মুখীন হৈছে । বিগত বছৰ মিজোৰামলৈ ম্যানমাৰৰ পৰা শৰণাৰ্থী হিচাপে অহা 30,000 ৰো অধিক শৰণাৰ্থীক ৰাজ্যখনৰ অনিচ্ছা সত্ত্বেও গৃহ মন্ত্ৰালয়ে আশ্ৰয় আৰু অস্থায়ী পৰিচয়-পত্ৰ প্ৰদান কৰিছিল ।