নেশ্যনেল ডেস্ক, 23 মাৰ্চ:খালিস্তানপন্থী সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ৰ (Waris Punjab De) মুৰব্বী অমৃতপাল সিঙৰ সন্ধানত আৰক্ষীয়ে ব্যাপক কৰি তুলিছে অভিযান ৷ পঞ্জাৱ আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতে তৎপৰ হৈ পৰিছে উত্তৰাখণ্ড আৰক্ষী (Amritpal Singh search operation) ৷ উত্তৰাখণ্ড আৰক্ষীয়ে বন্ধ কৰি দিছে ৰাজ্যখনৰ পৰা নেপাললৈ যাব পৰা সকলো পথ ৷ অমৃতপাল সিঙে নেপাললৈ পলাই যোৱাৰ আশংকা প্ৰকাশ কৰি সকলো সীমান্ত পথ বন্ধ কৰি দিয়াৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষীয়ে ৷ সীমান্তত নিয়োজিত কৰা হৈছে এছ.টি.এফ বাহিনী (Uttarakhand Border Sealed) ৷
অমৃতপাল সিঙক পলাতক ঘোষণা কৰাৰ পাচৰে পৰা সষ্টম হৈ আছে হাৰিয়ানা আৰক্ষীও ৷ তথ্য অনুসৰি যি কোনো মূহুৰ্তত অমৃতপাল সিঙে নেপাললৈ পলায়ন কৰিব পাৰে ৷ সেয়ে নেপালৰ সীমান্তৱৰ্তী ভাৰতৰ ৰাজ্যসমূহত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে সতৰ্কতা জাৰি কৰা হৈছে ৷ নেপাল সীমান্তৰ লগতে হিমাচল প্ৰদেশৰ সীমান্ততো বৃদ্ধি কৰা হৈছে আৰক্ষী অভিযান ৷ কেৱল এয়াই নহয়, উত্তৰ প্ৰদেশ সীমান্ততো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা (Amritpal Singh declared fugitive)৷