নেশ্যনেল ডেস্ক, ১৭ জুলাই :১৯ জুলাইৰ পৰা আৰম্ভ হ'ব কেন্দ্ৰীয় চৰকাৰৰ বৰ্ষাকালীন অধিৱেশন (monsoon session of Parliament) । এই অধিৱেশনত কি কি বিষয়ে স্থান পাব তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে । বাকী বিষয়বোৰৰ উপৰিও ভাৰত-চীন সীমান্ত বিবাদক লৈ (Indo-china clash) সদনত উত্তেজনা বৃদ্ধি পোৱাৰো আশংকা কৰিছে বিভিন্নজনে । বিৰোধীয়ে এই বিষয়ক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰাৰো সম্ভাৱনা আছে ।
এই কথাৰ উমান পোৱাৰ পাচতেই দুগৰাকী প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী ক্ৰমে এ কে এণ্টনী (A.K. Antony) আৰু শৰদ পাৱাৰক (Sharad Pawar) শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাক্ষাৎ কৰিছে বুলি একাংশই মন্তব্য কৰিছে ৷ বৈঠকত চীফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট (CDS General Bipin Rawat) আৰু ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেও (Manoj Mukund Naravane) উপস্থিত আছিল । চীনৰ সৈতে চলি থকা ডি-এস্কেলেচন আলোচনাৰ মাজতে সিঙে তেওঁলোকক সাক্ষাৎ কৰে ।
ইফালে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী(Sonia Gandhi)ৰ নেতৃত্বত সংসদৰ ৰণনীতি বৈঠকত সংসদৰ আগন্তুক অধিৱেশনত কংগ্ৰেছে চীনৰ সৈতে ভাৰতৰ সীমান্ত সমস্যা উত্থাপন কৰাৰ সিদ্ধান্ত লৈছিল । উল্লেখ্য যে, অধিৱেশনখন ১৯ জুলাইৰ পৰা ১৩ আগষ্টলৈ চলিব বুলি আশা কৰা হৈছে । ইয়াৰ মাজতে চীনাসকলে ৬ জুলাইত তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাৰ জন্মদিন উদযাপনৰ সময়ত ডেমচোকৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত বেনাৰ প্ৰদৰ্শন কৰিছিল ।