নেশ্যনেল ডেস্ক,8 জানুৱাৰী: বোম্বে উচ্চ ন্যায়ালয়ত ঔৰংগাবাদৰ বিচাৰপীঠে বিভিন্ন সংবাদ মাধ্যমত দেৱ-দেৱীৰ নামত বিজ্ঞাপন প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰে ৷ বিচাৰপতি টি.ভি নালাৱাদে আৰু এম.এছ সেৱালিকাৰে এই নিষেধাজ্ঞাৰ শুনানি জাৰি কৰে ৷ যিসকলে এই সামগ্ৰীসমূহ প্ৰস্তুত, বিক্ৰী বা প্ৰচাৰ কৰে তেওঁলোকৰ বিৰুদ্ধে ‘অঘোৰী আইন’ আৰু ‘ক’লা যাদু আইন 2013’ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব ৷ ইয়াৰ উপৰিও ঔৰংগাবাদ বিচাৰপীঠক এমাহৰ ভিতৰত এই সন্দৰ্ভত অবগত কৰিব লাগিব ৷
ভগৱানৰ নামত জালিয়াতি
ধৰ্মৰ নামত সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰচাৰ হৈ আহিছে যে, হনুমান চলিচা আৰু দেৱীৰ যন্ত্ৰ আদিয়ে সমৃদ্ধি কঢ়িয়াই আনে ৷ কিন্তু ৰাজ্য চৰকাৰৰ অঘোৰী আইন আৰু ক’লা যাদু আইন 2013ৰ অধীনত এই ধৰণৰ বিজ্ঞাপনসমূহ কোনো সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিব নোৱাৰে ৷ এই সন্দৰ্ভতে ঔৰংগাবাদৰ CIDCO অঞ্চলৰ বাসিন্দা ৰাজেন্দ্ৰ গণপতৰাও অম্ভোৰ নামৰ এজন ব্যক্তিয়ে 2015 চনতে ঔৰংগাবাদ বিচাৰপীঠত এখন আবেদন দাখিল কৰিছিল ৷