নিউজ ডেস্ক, 5 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘চৌকিদাৰ চোৰ হ্য’ বুলি কোৱা গোচৰৰ পৰা সাময়িকভাৱে সকাহ লাভ কৰিছে কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে (Interim relief to Rahul Gandhi) ৷ ৰাফেল ক্ৰয় গোচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উল্লেখিত বিতৰ্কিত মন্তব্যৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা মানহানিৰ গোচৰ বাতিল কৰিবলৈ আবেদন জনাইছিল সাংসদগৰাকীয়ে (Defamation case against Rahul Gandhi)৷
সোমবাৰে ন্যায়াধীশৰ সন্মুখত শুনানিৰ সময়ত অমিত বৰকাৰৰ সংমণ্ডল বিচাৰপীঠে ২৫ জানুৱাৰীলৈকে ৰাহুল গান্ধীক সাময়িক সকাহ দিয়ে । গীৰগাঁও দণ্ডাধীশ আদালতক যিকোনো প্ৰকাৰে ২০ জানুৱাৰীত গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা দিছে ৷