অসম

assam

Mumbai cruise drugs case : উচ্চ ন্যায়ালয়ত আজি সমীৰ ৱাংখেড়েৰ আবেদনৰ শুনানি

By

Published : May 22, 2023, 12:33 PM IST

এনচিবিৰ প্ৰাক্তন মুৰব্বী সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে চিবিআইৰ তদন্ত অব্যাহত আছে (Mumbai cruise drugs case)। চিবিআইৰ এজাহাৰক প্ৰত্যাহ্বান জনাই সমীৰ ৱাংখেড়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে । বৃহৎ পৰিমাণ উৎকোচ লৈ বলীউডৰ অভিনেতাৰ পুত্ৰক এৰি দিয়াৰ অভিযোগ আছিল ৱাংখেড়েৰ বিৰুদ্ধে ।

Mumbai cruise drugs case
উচ্চ ন্যায়ালয়ত আজি সমীৰ ৱাংখেড়েৰ আবেদনৰ শুনানি

নেশ্যনেল ডেস্ক,২২ মে':চিবিআইয়ে অব্যাহত ৰাখিছে মুম্বাইৰ কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছৰ গোচৰৰ তদন্ত (Mumbai cruise drugs case)। তদন্তৰ মাজতে এনচিবিৰ প্ৰাক্তন মুৰব্বী সমীৰ ৱাংখেড়েৰ বিৰুদ্ধেও চিবিআইয়ে অভিযান অব্যাহত ৰাখিছে । তেওঁৰ বিভিন্ন সম্পত্তিত চিবিআইয়ে অভিযান চলোৱাৰ উপৰিও তেওঁৰ জেৰা অব্যাহত ৰাখিছে (CBI quizzes Sameer Wankhede)।

ইতিমধ্যে তেওঁৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে (CBI FIR against Former Mumbai NCB chief)। এই এজাহাৰ বাতিল কৰিবলৈ সমীৰ ৱাংখেড়েয়ে মুম্বাইৰ উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল । সেই আবেদনৰ ওপৰত সোমবাৰে উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব (HC to hear Sameer Wankhede plea against CBI FIR)।

উল্লেখ্য যে এই কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছ গোচৰটো বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ সৈতে সম্পৰ্কিত । আৰিয়ানক সেই সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পাচত জামিনত মুকলি কৰি দিয়া হৈছিল ।

ইয়াৰ পূৰ্বে, উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ক সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ২২ মে'লৈকে ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছিল । চিবিআইয়ে আইআৰএছ বিষয়াগৰাকীৰ বিৰুদ্ধে ড্ৰাগছৰ গোচৰত বলীউডৰ অভিনেতাৰ পুত্ৰক এৰি দিয়াৰ বিনিময়ত বৃহৎ পৰিমাণ উৎকোচ লোৱাৰ অভিযোগ আনি উক্ত এজাহাৰ দাখিল কৰিছে ।

প্ৰথমতে সোধা-পোছাৰ বাবে কেন্দ্ৰীয় সংস্থাৰ সন্মুখত হাজিৰ নোহোৱা ৱানখেড়ে, ড্ৰাগছৰ গোচৰৰ এজাহাৰ সম্পৰ্কীয় পদক্ষেপৰ পৰা সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । তেওঁ দাবী কৰিছিল যে তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰটো তেওঁৰ নাম আৰু খ্যাতিক ক্ষতিগ্ৰস্ত কৰাৰ উদ্দেশ্যে কৰা হৈছে । চিবিআইৰ প্ৰশ্ন সন্দৰ্ভত ৱানখেড়েই কয় যে তেওঁ তদন্তত সহযোগ কৰি আছে আৰু তেওঁৰ ভয় কৰিবলগীয়াও একো নাই ।

ন্যায়াধীশ শৰ্মিলা ইউ দেশমুখ আৰু আৰিফ এছক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে সমীৰ ৱানখেড়েৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল । ২০২১ চনৰ ৩ অক্টোবৰত বলীউডৰ শ্বাহৰুখ খানৰ পুত্ৰক এনচিবিয়ে ক্ৰুজ ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ কৰিছিল । একে বছৰৰে ২৮ অক্টোবৰত, আৰিয়ান খানক উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে ।

লগতে পঢ়ক :Cruise drug bust bribery case: দ্বিতীয় দিনাও এনচিবিৰ প্ৰাক্তন মুৰব্বী সমীৰ ৱাংখেড়েক 5 ঘণ্টা ধৰি চিবিআইৰ জেৰা

ABOUT THE AUTHOR

...view details