অসম

assam

ETV Bharat / bharat

Bombay HC on pregnancy abortion: 17 বছৰীয়া কিশোৰীৰ গৰ্ভপাতৰ আবেদন খাৰিজ বোম্বে উচ্চ ন্যায়ালয়ৰ - Bombay HC on abort pregnancy

বোম্বে উচ্চ ন্যায়ালয়ে 24 সপ্তাহৰ অন্তঃসত্বা হৈ থকা 17 বছৰীয়া কিশোৰীৰ গৰ্ভপাতৰ আবেদন খাৰিজ কৰে ৷ বিচাৰপীঠে ইয়াৰ নিৰ্দেশত উল্লেখ কৰিছিল যে , কিশোৰীগৰাকী আৰু অভিযুক্ত যুৱকজনে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক কৰিছিল ৷ আবেদনকাৰী ভুক্তভোগী নিৰ্দোষ নহয় আৰু তেওঁলোকৰ পাৰস্পৰিক বুজাবুজি সম্পূৰ্ণ পৰিপক্ক আছিল ৷

Bombay HC on abort pregnancy
17 বছৰীয়া কিশোৰীৰ গৰ্ভপাতৰ আবেদন খাৰিজ বোম্বে উচ্চ ন্যায়ালয়ৰ

By

Published : Jul 31, 2023, 7:36 PM IST

নেশ্যনেল ডেস্ক, 31 জুলাই :বোম্বে উচ্চ ন্যায়ালয়ত ঔৰংগবাদ বিচাৰপীঠে এগৰাকী 24 সপ্তাহৰ অন্তঃসত্বা হৈ থকা 17 বছৰীয়া কিশোৰীৰ গৰ্ভপাতৰ আবেদন খাৰিজ কৰে ৷ আবেদন প্ৰত্যাখ্যান কৰি উচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে, এইটো এক সন্মতিপূৰ্ণ সম্পৰ্কৰ ফল ৷ এই পৰ্যায়ত কেঁচুৱাটো জীৱিত অৱস্থাত জন্মলাভ কৰিব ৷

26 জুলাইত ন্যায়াধীশ ৰবীন্দ্ৰ ঘুগে আৰু ৱাই জি খোবৰাগাডেৰ খণ্ড বিচাৰপীঠে উল্লেখ কৰিছিল যে কিশোৰীগৰাকী চলিত মাহত 18 বছৰীয়া হ'ব ৷ 2022 চনৰ পৰা ডিচেম্বৰৰ পৰা কিশোৰীগৰাকীয়ে প্ৰেমিকৰ সৈতে সন্মতিপূৰ্ণ সম্পৰ্কত আছিল ৷

বিচাৰপীঠে ইয়াৰ নিৰ্দেশত উল্লেখ কৰিছিল যে , কিশোৰীগৰাকী আৰু অভিযুক্ত যুৱকজনে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক কৰিছিল ৷ কিশোৰীগৰাকীয়ে নিজেই এটা গৰ্ভধাৰণৰ কিট আনিছিল আৰু এই বছৰৰ ফেব্ৰুৱাৰীত গৰ্ভধাৰণ নিশ্চিত কৰিছিল ৷ সেয়েহে, দেখা গৈছে যে আবেদনকাৰী ভুক্তভোগী নিৰ্দোষ নহয় আৰু তেওঁলোকৰ বুজাবুজিৰ সম্পূৰ্ণ পৰিপক্ক আছিল ৷ যদি আৱেদনকাৰীয়ে গৰ্ভধাৰণ কঢ়িয়াবলৈ আগ্ৰহী নহয় তেন্তে তেওঁ গৰ্ভধাৰণ নিশ্চিত হোৱাৰ পিচতে গৰ্ভপাতৰ অনুমতি বিচাৰিব পাৰিলেহেঁতেন ৷

কিশোৰীগৰাকীয়ে তেওঁৰ মাতৃৰ সৈতে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল, যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POSCO) আইনৰ অধীনত কিশোৰীগৰাকী "শিশু" বুলি দাবী কৰি গৰ্ভপাত কৰিবলৈ আবেদন কৰিছিল ৷ আইনৰ অধীনত গৰ্ভপাত কৰিবলৈ 20 সপ্তাহতকৈ কম হ’ব লাগে ৷ যদি এই গৰ্ভধাৰণে মাতৃ বা শিশুৰ জীৱন বা স্বাস্থ্যৰ বাবে ভাবুকি সৃষ্টি কৰে তেতিয়াহে আদালতে অনুমতি প্ৰদান কৰে ৷

আবেদনখনত উল্লেখ কৰিছিল যে, এই গৰ্ভধাৰণে আবেদনকাৰীৰ মানসিক স্বাস্থ্যত গুৰুতৰভাৱে প্ৰভাৱ পেলাব পাৰে ৷ কিশোৰীগৰাকীয়ে ভৱিষ্যতে চিকিৎসক হ'বলৈ অধ্যয়ন কৰিব বিচাৰে৷ উচ্চ ন্যায়ালয়ে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিচত, তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল অনুসৰি ভ্ৰূণৰ কোনো বিসংগতি নাই আৰু বিকাশ স্বাভাৱিক বুলি উল্লেখ কৰিছিল ৷

বিচাৰপীঠে কৈছিল যে গৰ্ভাপত কৰাৰ বাবে কোনো কাৰণতে অনুমতি প্ৰদান কৰা নহ’ব, কিয়নো যিকোনো ক্ষেত্ৰত শিশুটো জীৱিত অৱস্থাত জন্ম হ'ব আৰু প্ৰাকৃতিকভাৱে প্ৰসৱ হ’বলৈ মাত্ৰ 15 সপ্তাহ বাকী আছে ৷

যদি কিশোৰীগৰাকীয়ে শিশুটোক পৰৱৰ্তী সময়ত তুলি ল’বলৈ দিব বিচাৰে তেন্তে তেওঁৰ স্বাধীনতা আছে ৷ উচ্চ ন্যায়ালয়ে কয় যে যদি কেঁচুৱাটো সম্পূৰ্ণ ম্যাদত প্ৰসৱ কৰা হয়, তেন্তে কোনো বিকৃতি নহয় ৷ বিচাৰপীঠে লগতে উল্লেখ কৰিছিল যে কিশোৰীগৰাকীয়ে শিশুটো প্ৰসৱ নকৰালৈ কোনো সামাজিক সংস্থাৰ অধীনত ৰখা হ'ব পাৰে, যিয়ে এনে গৰ্ভৱতী মহিলাৰ যত্ন ল’ব পাৰে ৷

লগতে পঢ়ক:SC on Manipur Naked women parade: মণিপুৰৰ অমানৱীয় ঘটনা কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়- উচ্চতম ন্যায়ালয়

ABOUT THE AUTHOR

...view details