অসম

assam

By

Published : Nov 9, 2020, 5:37 PM IST

ETV Bharat / bharat

অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ

উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন আবেদনৰ ওপৰত নিজৰ শুনানি শনিবাৰে স্থগিত ৰাখি কৈছিল যে, গোচৰটো আদালতত স্থগিত হোৱা মানে এইটো নহয় যে অভিযুক্তই সামান্য জামিন আবেদনৰ বাবে সত্ৰ আদালতৰ কাষ চাপিব নোৱাৰিব ৷

Bombay HC refuses interim bail to Arnab Goswami
অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, 9 নৱেম্বৰ :মুম্বাই উচ্চ ন্যায়ালয়ে সোমবাৰে ইন্টীৰিয়ৰ ডিজাইনাৰক আত্মহত্যাৰ বাবে উচতনিৰে জড়িত 2018 চনৰ এক গোচৰত ৰিপাব্লিক টিভিৰ প্ৰধান সম্পাদক অৰ্ণৱ গোস্বামী আৰু অন্য দুজনকৈ লোকৰ অগ্ৰিম জামিন আবেদন নাকচ কৰে ৷

ন্যায়াধীশ এছ. এছ. সিন্দে আৰু ন্যায়াধীশ এম. এছ. কাৰ্ণিকৰ খণ্ডপীঠে কয় যে, উক্ত গোচৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰা অসাধাৰণ অধিকাৰ ক্ষেত্ৰৰ প্ৰয়োগ কৰাৰ কোনো বিষয় প্ৰস্তুত নহয় ৷

আদালতে নিজৰ ভাষ্যত কয় যে, অৰ্ণৱ গোস্বামীৰ ওচৰত আইনী প্ৰক্ৰিয়াৰে সকাহ পোৱাৰ পথ আছে আৰু তেখেতে সম্বন্ধিত সত্ৰ আদালতত আবেদন কৰিব পাৰে ৷

উল্লেখ্য যে, উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন আবেদনৰ ওপৰত নিজৰ শুনানি শনিবাৰে স্থগিত ৰাখি কৈছিল যে, গোচৰটো আদালতত স্থগিত হোৱা মানে এইটো নহয় যে অভিযুক্তই সামান্য জামিন আবেদনৰ বাবে সত্ৰ আদালতৰ কাষ চাপিব নোৱাৰিব ৷

লগতে পঢ়ক :তেজস্বী যাদৱলৈ জন্মদিনৰ শুভেচ্ছা পৰিয়াল-সমৰ্থকৰ

ABOUT THE AUTHOR

...view details