নেশ্যনেল ডেস্ক,৮ জুন :নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰ'ৰ মুম্বাইৰ প্ৰাক্তন জোনেল সঞ্চালক সমীৰ ৱানখেড়েৰ গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা ২৩ জুনলৈ বৃদ্ধি কৰিছে (HC extends protection to Wankhede till June 23)। বোম্বাই উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে তেওঁৰ বিৰুদ্ধে চিবিআই গোচৰৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ।
ন্যায়াধীশ এ এছ গাডকাৰী আৰু এছ জি ডিগেক লৈ গঠিত এক খণ্ড বিচাৰপীঠে গোচৰটো শুনানি গ্ৰহণ কৰে । ৱানখেড়েৰ অধিবক্তা আবাদ পণ্ডাই খণ্ড বিচাৰপীঠক জনাই যে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া ৱানখেড়েই পূৰ্বে আদালতৰ নিৰ্দেশ অনুসৰি জেৰাৰ বাবে চিবিআইৰ সন্মুখত হাজিৰ হৈছে । এতিয়ালৈকে, ৱানখেড়েই জেৰাৰ বাবে চিবিআইৰ সন্মুখত ৭ বাৰ হাজিৰ হৈছে আৰু সহযোগিতা কৰি আহিছে ।
চিবিআইৰ অধিবক্তা কুলদীপ পাটিলে যুক্তি দিয়ে যে গোচৰটোৰ তদন্ত এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে আৰু আইআৰএছ বিষয়াৰ কাৰ্যক্ৰম বাতিল কৰাৰ আবেদন বজাই ৰাখিব পৰা নাযায় । দুয়োপক্ষৰ শুনানিৰ পাছত বিচাৰপীঠে ২৩ জুনত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে আৰু অন্তৱৰ্তীকালীন সকাহ বৃদ্ধি কৰে ।
ৱানখেড়েই আদালতক তেওঁ বিৰুদ্ধে উত্থাপিত ধন দাবী আৰু উৎকোচৰ চিবিআই গোচৰৰ প্ৰক্ৰিয়া বাতিল কৰিবলৈ অনুৰোধ জনাইছে । চিবিআইৰ গোচৰটো হ'ল যে ৱানখেড়ে আৰু আন অভিযুক্তসকলে শ্বাহৰুখ খানৰ পৰা ২৫ কোটি টকা উৎকোচ দাবী কৰিছিল (Shah Rukh Khan extortion case)। বলীউডৰ চুপাৰষ্টাৰগৰাকীৰ পুত্ৰ আৰিয়ান খানক মুকলি কৰাৰ বাবে এই ধন দাবী কৰিছিল এনচিবি বিষয়াই । আৰিয়ান খানক এখন বিলাসী ক্ৰুজত ড্ৰাগছ জব্দ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।