নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল: মহাৰাষ্ট্ৰত এফালে ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হৈ আছে, আনফালে অক্সিজেনৰ অভাৱত চিকিৎসালয়ত ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে । এনে সংকটৰ সময়তে বম্বে উচ্চ ন্যায়ালয়ে অক্সিজেনৰ চাহিদা পূৰণত সহায় হোৱাকৈ শিৰদী চাইবাবা সংস্থানক অক্সিজেন উৎপাদন প্ৰকল্প স্থাপন কৰিবলৈ নিৰ্দেশ দিছে । লগতে এটা নতুন ক'ভিড-১৯ পৰীক্ষাগাৰ স্থাপন কৰিবলৈও ন্যায়লয়ে নিৰ্দেশ জাৰি কৰে । লগতে প্ৰশাসনক ঔৰংগাবাদ জিলাৰ চৰকাৰী চিকিৎসালয়সমূহত যুদ্ধকালীনভাৱে অক্সিজেন যোগান ধৰিবলৈও নিৰ্দেশ দিয়ে আদালতে ।
এই নিৰ্দেশ জাৰি কৰি ন্যায়াধীশ এছ ভি গংগাপুৰৱালা আৰু ন্যায়াধীশ এছ ডি কুলকাৰ্ণীক লৈ গঠিত বিচাৰপীঠে শিৰদী চাইবাবা সংস্থানক পৰীক্ষাগাৰ স্থাপনৰ অনুমতি প্ৰদান কৰে । ১.০৫ কোটি টকা ব্যয় সাপেক্ষে পৰীক্ষাগাৰটো স্থাপন কৰা হ'ব আৰু ইয়াত ক'ভিড আৰু আন ৰোগৰে সম্পৰ্কিত পৰীক্ষাবোৰো সম্পন্ন কৰা হ'ব । সঞ্জয় কালেই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে সংস্থানৰ সঞ্চালকক পৰীক্ষাগাৰ স্থাপনৰ বাবে যথাযথ প্ৰক্ৰিয়া মানি চলিবলৈ নিৰ্দেশ দিয়ে ।