নিউজ ডেস্ক, ২ ডিচেম্বৰ : শুকুৰবাৰে বোমাৰ ভাবুকি প্ৰদান কৰা এটা ই-মেইল লাভ কৰাৰ পিছত বিদ্যালয়সমূহ পুনৰ খোলা হৈছে আৰু শ্ৰেণীসমূহ স্বাভাৱিকভাৱে আৰম্ভ হৈছে । বেংগালুৰু চহৰ আৰু গ্ৰাম্য জিলাৰ ৬০ খন বিদ্যালয়লৈ শুকুৰবাৰে বোমাৰ ভাবুকিৰে এটা ই-মেইল আহে । যাৰ বাবে বিদ্যালয়সমূহত এক উদ্বেগপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় । অৱশ্যে শনিবাৰে অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা-ছোৱালীক পুৱা সচৰাচৰৰ দৰে বিদ্যালয়লৈ লৈ আহে ।
এই সন্দৰ্ভত পূৰ্ণপৰাজ বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী কবিতাই ইটিভি ভাৰতৰ আগত কয়, "শুকুৰবাৰে আমি বোমাৰ ভাবুকিৰ বাৰ্তা পোৱাৰ লগে লগে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । ইয়াৰ বাবে আমি সাৱধানতা অৱলম্বন কৰোঁ আৰু শিশুসকলক তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে ঘৰলৈ পঠিয়াই দিওঁ । আনহাতে, তেওঁলোকক বিদ্যালয় কৰ্তৃপক্ষই আশ্বাস দিয়ে যে শনিবাৰে কোনো সমস্যাৰ সৃষ্টি নহ'ব । সেয়েহে ল'ৰা-ছোৱালীবোৰ কোনো চিন্তা নকৰাকৈ বিদ্যালয়লৈ আহে ।"
"শুকুৰবাৰ আৰু শনিবাৰৰ পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলে যথেষ্ট সহযোগিতা কৰিছে । কিন্তু এই ধৰণৰ ভাবুকিপূৰ্ণ বাৰ্তা চিন্তাৰ বিষয় । এইটো সকলো শিক্ষানুষ্ঠানৰ বাবে এটা দুখৰ বিষয় । ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰেও বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা উচিত । আগন্তুক দিনতো এই ধৰণৰ চাইবাৰ অপৰাধৰ বিষয়ক সহজভাৱে লোৱা উচিত নহয় ।" তেওঁ লগতে কয় ।