নেশ্যনেল ডেস্ক, 7 জানুৱাৰী: বাংগালুৰুৰ এখন বিদ্যালয়ত শনিবাৰে বোমাৰ আতংক সৃষ্টি হয় (Bomb scare in Bengaluru school)৷ কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে বাংগালুৰুৰ প্ৰতিষ্ঠিত নেশ্যনেল একাডেমী ফৰ লাৰ্ণিং (এনএএফএল) বিদ্যালয়ত (National Academy for Learning) বোমা থকাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে এই সন্দৰ্ভত বিদ্যালয়ৰ এগৰাকী কিশোৰ ছাত্ৰক আটক কৰি সোধ পোছৰ বাবে ৰাজ্যিক কিশোৰ ন্যায় পৰিষদৰ (State Juvenile Justice Board) জিম্মাত গতাই দিয়ে ৷
ঘটনা অনুসৰি বাংগালুৰুৰ বাসবেশ্বৰ নগৰ অঞ্চলৰ নেশ্যনেল একাডেমী ফৰ লাৰ্ণিং বিদ্যালয়খনৰ এগৰাকী ছাত্ৰই ধেমালি কৰাৰ উদ্দেশ্যে বিদ্যালয়ৰ ই-মেইল আইডিত চাৰিটা জিলেটিন ষ্টিক ৰখাৰ বাৰ্তা মেইলযোগে প্ৰেৰণ কৰিছিল ৷ লগতে মেইলটোত দুপৰীয়াৰ আহাৰৰ সময়ত ষ্টিককেইডাল বিস্ফোৰণ হ’ব বুলি উল্লেখ কৰিছিল ৷ এই মেইল লাভ কৰাৰ পিছতেই বিদ্যালয়খনত ছাত্ৰী-ছাত্ৰীৰ মাজত প্ৰায় হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক মেইলটো সন্দৰ্ভত অৱগত কৰে ৷
বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ীত্ৰীসকলে ছাত্ৰী-ছাত্ৰীসকলক বচাবলৈ শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ উলিয়াই এক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে ৷ ইফালে এই খবৰ অভিভাৱকসকলৰ মাজতো বিয়পি পৰাত তেওঁলোকে হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে ৷ নিজৰ সন্তানৰ সুৰক্ষাৰ উদ্দেশ্যে অভিভাৱকসকলে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ভিৰ কৰেহি ৷ সন্তানক চাবলৈ বিদ্যালয় চৌহদৰ ভিতৰত সোমাবলৈ দিয়া উচিত বুলিও তেওঁলোকে দাবী উত্থাপন কৰে ৷