অসম

assam

ETV Bharat / bharat

Bomb scare in Delhi IGI Airport : 'এইখন বিমানত বোমা আছে', দিল্লী বিমানবন্দৰত হাহাকাৰ - Tense situation at Delhi airport

সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন বিমানত বোমা থকাৰ খবৰ পোৱা গৈছিল (Bomb scare in Delhi IGI Airport)। লগে লগে বিমানবন্দৰত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । স্পাইচজেটৰ এখন বিমানত বোমা থকাৰ খবৰ পোৱাৰ পাছতে সষ্টম হৈ পৰে বিমানবন্দৰ কৰ্তৃপক্ষ আৰু সুৰক্ষা কৰ্মী ।

Bomb scare in Delhi IGI Airport
দিল্লী বিমানবন্দৰত হাহাকাৰ

By

Published : Dec 27, 2022, 1:12 PM IST

নেশ্যনেল ডেস্ক,২৭ ডিচেম্বৰ :দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুলস্থূলীয়া পৰিৱেশ । বিমানত বোমা আছে বুলি এক খবৰ ওলোৱাৰ পাছতে আতংকময় পৰিৱেশে বিৰাজ কৰে বিমানবন্দৰটোত (Bomb scare in Delhi IGI Airport)।

জানিব পৰা মতে সোমবাৰে বিয়লি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১১৭ গৰাকী যাত্ৰীৰ সৈতে জয়ছেলমেৰৰ পৰা উপস্থিত হৈছিল এখন স্পাইচজেটৰ বিমান । বিমানখন অৱতৰণ কৰাৰ পাছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । কিয়নো বিমানখনৰ এখন আসনৰ পিছফালে কোনোৱে 'এই বিমানখনত বোমা আছে' বুলি লিখি থৈছিল । এগৰাকী মহিলাই হঠাৎ উক্ত বাক্যশাৰী দেখাৰ লগে লগে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । লগে লগে এয়াৰ হোষ্টেজ আৰু পাইলটক খবৰ দিয়া হয় ।

তাৰ পাছতে বিমান কৰ্তৃপক্ষ আৰু আৰক্ষীকো বিষয়টো সম্পৰ্কে অৱগত কৰা হয় । অৱশ্যে যাত্ৰীসকলক সুৰক্ষিতভাৱে বিমানৰ পৰা নমাই বিমানখন এক নিৰ্জন স্থানলৈ লৈ যোৱা হয় । বিমানখনত বোমা থকাৰ এই খবৰ পোৱাৰ পাছতে চিআইএছএফ আৰু দিল্লী আৰক্ষীকে ধৰি অন্যান্য নিৰাপত্তা সংস্থাসমূহো সক্ৰিয় হৈ পৰে । বিমানখন তন্ন-তন্নকৈ পৰীক্ষা কৰা হয় ।

কিন্তু দুঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত বিমানখনত বোমা বা কোনো সন্দেহজনক সামগ্ৰী বিচাৰি উলিওৱাত বিফল হয় তদন্তকাৰী দল (Bomb rumors in flight)। লক্ষণীয়ভাৱে যিখন আসনৰ পিছফালে এই কথা খিনি লিখা আছিল তাত কোনো যাত্ৰী বহা নাছিল । যাৰ বাবে কাৰো চকুত পৰা নাছিল । সেয়েহে বিমানখন উৰা মৰাৰ পাছত কোনেও লক্ষ্য কৰা নাছিল । কিন্তু যেতিয়া বিমানখন অৱতৰণ কৰিছিল আৰু সকলো বিমান যাত্ৰীয়ে নামিবলৈ আৰম্ভ কৰিছিল, এগৰাকী মহিলাই হঠাতে কথাখিনি লক্ষ্য কৰিছিল ।

ইফালে সমগ্ৰ ঘটনাক লৈ চেঁপা উত্তেজনাই বিৰাজ কৰে (Tense situation at Delhi airport)। যাত্ৰীসকলো শংকিত হৈ পৰে । আনহাতে এনেধৰণৰ কাৰ্যৰ লগত কোন জড়িত আছে তাক লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । তদন্তৰ সমগ্ৰ প্ৰক্ৰিয়াটোত কাৰিকৰী কৌশলো ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

শেহতীয়াকৈ এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে । একাংশ দুষ্টচক্ৰই বিমান কৰ্তৃপক্ষক বোমা সম্পৰ্কীয় মিছা বাৰ্তা প্ৰেৰণ কৰি ভুল পথে পৰিচালিত কৰা দেখা যায় । বিভিন্ন সময়ত বিমানবন্দৰ কৰ্তৃপক্ষই ভুৱা ইমেইলৰ জৰিয়তেও মিছা তথ্য লাভ কৰে । যাৰ ফলস্বৰূপে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে বিমানবন্দৰত ।

লগতে পঢ়ক :Monkey hanged on electric wire : বিপদ সংকুলভাৱে বৈদ্যুতিক তাঁৰত ওলমিছে কপিকুল

ABOUT THE AUTHOR

...view details