অসম

assam

ETV Bharat / bharat

Bomb scare near Golden Temple : স্বৰ্ণ মন্দিৰৰ সমীপত বোমাতংক, ৫ জনক আটক - Fake call on Bomb

স্বৰ্ণ মন্দিৰৰ সমীপত হাহাকাৰ পৰিৱেশ । বোমা থকাৰ খবৰ পোৱাৰ পাছতে আৰক্ষীৰ তালাচী । ঘটনা সন্দৰ্ভত ৪ নাবালকসহ মুঠ ৫ গৰাকীক আৰক্ষীয়ে আটক কৰিছে (5 detained on bomb scare case)। আৰক্ষীক মিছা তথ্য দিছিল তেওঁলোকে ।

Bomb scare near Golden Temple
স্বৰ্ণ মন্দিৰৰ সমীপত বোমাতংক

By

Published : Jun 3, 2023, 1:31 PM IST

নেশ্যনেল ডেস্ক,৩ জুন :পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ সমীপত উত্তেজনাময় পৰিৱেশ । অমৃতসৰৰ হৰমন্দিৰ চাহিবৰ ওচৰত ৪ টাকৈ বোমা থকাৰ তথ্য পোৱাৰ লগে লগে নিশা এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় (Bomb near Golden Temple)। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীক সতৰ্ক কৰি দিয়া হয় আৰু গোটেই নিশা তাত তালাচী অভিযান চলোৱা হয় । ইফালে এই ঘটনা সন্দৰ্ভত এগৰাকী লোক আৰু তেওঁৰ ৪ সন্তানক আটক কৰে ।

সূত্ৰৰ মতে শুকুৰবাৰে নিশা, আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ এটা ফোন আহিছিল আৰু কোৱা হৈছিল যে শ্ৰী দৰৱাৰ চাহিবৰ সমীপত ৪ টা বোমা আছে । ফোনটোৰ পাছতে আৰক্ষী সতৰ্ক হৈ পৰে আৰু গোটেই নিশা তাত তালাচী চলায় । কিন্তু অভিযানটোৰ পাছত আৰক্ষীয়ে এটাও বোমা উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল । তেতিয়া আৰক্ষীৰ সন্দেহ হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । তদন্তৰ অন্তত এগৰাকী শিখ আৰু তেওঁৰ ৪ সন্তানক আৰক্ষীয়ে আটক কৰে । সূত্ৰৰ মতে তেওঁলোকে ৰগৰ কৰিবলৈ এই কাৰ্যত লিপ্ত হৈছিল (Bomb scare near Golden Temple)।

বোমাৰ বিষয়ে তথ্য পোৱাৰ পাছতে আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি অনুসন্ধান অব্যাহত ৰাখে । পাছত আৰক্ষীয়ে ফোন কৰা ব্যক্তিজনৰ তথ্য বিচাৰিবলৈ আৰম্ভ কৰে । আৰক্ষীয়ে নিয়ন্ত্ৰণ কক্ষৰ পৰা তথ্য সংগ্ৰহ কৰি ফোনটোৰ গৰাকীক বিচাৰি উলিয়াই । কিন্তু অনুসন্ধানত প্ৰকাশ পাই যে ফোনটো চুৰি হৈছিল । তাৰ পাছত আৰক্ষীয়ে ফোনটোৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এক তালাচী আৰম্ভ কৰে ।

কেইঘণ্টামানৰ অনুসন্ধানৰ পাছত এজন নিহাং শিখ আৰু তেওঁৰ ৪ সন্তানক আৰক্ষীয়ে আটক কৰে । আৰক্ষী সূত্ৰৰ মতে তেওঁলোকে ফোনটো চুৰি কৰিছিল আৰু তাৰ পাছতে ফোন কৰি ধেমালি কৰিবলৈ আৰক্ষীক বোমা সম্পৰ্কে মিছা তথ্য দিয়ে (Fake call on Bomb)। আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে । ইফালে সমগ্ৰ ঘটনাক লৈ অমৃতসৰত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Balasore tain accident : নিশাৰ ভিতৰতে বালাচোৰৰ হাস্পতালত ৫০০ ইউনিট তেজ সংগ্ৰহ

ABOUT THE AUTHOR

...view details