নিউজ ডেস্ক, 2 জানুৱাৰী : পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ হেলিপেডত সোমবাৰে এটা বোমা উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যখনত তীব্ৰ আলোড়ন সৃষ্টি কৰিছে (Bomb found behind CM helipad in Punjab) । মুখ্যমন্ত্ৰী হেলিপেডৰ পিছফালে থকা আমৰ বাগিচাৰ ভিতৰত উদ্ধাৰ হৈছে বোমাটো ৷ বোমাটো উদ্ধাৰ হোৱাৰ লগে লগে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো চীল কৰি দিয়ে । বোমাটো পঞ্জাৱ আৰু ছণ্ডীগড়ৰ সীমান্তত পোৱা গৈছে । পঞ্জাৱৰ মুখ্যমন্ত্ৰী আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে এই হেলিপেডটো ব্যৱহাৰ কৰে(Haryana CM helipad in chandigarh) । দুয়োখন ৰাজ্যৰ সচিবালয়ো বোমাটো পোৱা স্থানৰ পৰা অলপ দূৰত অৱস্থিত ।
ছণ্ডীগড়ৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত অৱস্থিত পঞ্জাৱৰ কাঞ্চল গাঁৱৰ ওচৰৰ এখন আমৰ বাগিচাত এজাঁই সজীৱ গুলি পোৱা গৈছিল । হাৰিয়ানা আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ হেলিপেডৰ পৰা ইয়াৰ দূৰত্ব আছিল প্ৰায় ১ কিলোমিটাৰ । আনহাতে হাৰিয়ানা আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বাসস্থান এই স্থানৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত অৱস্থিত । ছণ্ডীগড় আৰক্ষীৰ অসামৰিক প্ৰতিৰক্ষা ন’ডেল বিষয়া কুলদীপ কোহলীয়ে এই তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় । তেওঁ কাঞ্চল আৰু নয়া গাঁৱৰ মাজত অৱস্থিত এখন আমৰ বাগিচাত এই সজীৱ গুলি উদ্ধাৰ হোৱাৰ কথা জানিবলৈ দিয়ে (Bomb found in chandigarh)