নেশ্যনেল ডেস্ক,29 জুলাই:জম্মু-কাশ্মীৰৰ সাম্বা জিলাৰ সাম্বাৰ বন্ধ টিপৰ ওচৰত উদ্ধাৰ হোৱা এণ্টি টেংক মাইন নিষ্ক্ৰিয় কৰিলে বোমা নিষ্ক্ৰিয়কৰণ স্কোৱাডে(Bomb Disposal Squad defuses anti-tank mine found near Bandh Tip of Samba) ৷ পথাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা এণ্টি টেংক মাইনটো বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰাৰ পিছতে বোমাটো স্কোয়াডে (BDS) নিষ্ক্ৰিয় কৰে ৷
পঞ্জাৱ আৰক্ষীয়ে তৰ্ণ তৰণ জিলাৰ নৌচেহৰা পান্নুয়ান গাঁৱৰ পৰা প্ৰায় ২.৫ কিলোগ্ৰাম ওজনৰ ধাতুৰ দৰে ক'লা ৰঙৰ বাকচত পেক কৰা আৰ ডি এক্স সজ্জিত এটা ইম্প্ৰভাইজড এক্সপ্ল'ছিভ ডিভাইচ (আই ই ডি) উদ্ধাৰ কৰি দুজন লোকক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পূৰ্বে জানুৱাৰী মাহত জম্মু-কাশ্মীৰৰ পুঁচ জিলাৰ শিন্দ্ৰা অঞ্চলত নিৰাপত্তা বাহিনীয়ে ২০০ৰো অধিক বিস্ফোৰক পদাৰ্থ উদ্ধাৰ কৰি ধ্বংস কৰিছিল ।
শিন্দ্ৰা অঞ্চলৰ পুঁচৰ গাঁৱত সেনাৰ টহলদাৰী দলে পথৰ কাষতে লুকুৱাই থোৱা এটা সন্দেহযুক্ত বেগ উদ্ধাৰ কৰে(suspected bag was found hidden) ৷ ভাৰতীয় সেনা আৰু বোমা ন স্কোয়াড চমুকৈ বি ডি এছৰ যৌথ দলে অভিযান চলাই উদ্ধাৰ কৰে সন্দেহযুক্ত বেগটো । ইয়াৰ পিছতে ডি পি এল পুঞ্চৰ পৰা অহা সেনা আৰু বি ডি এছ আৰক্ষীৰ দলে উক্ত স্থানত উপস্থিত হৈ বেগবোৰ উদ্ধাৰ কৰাৰ লগতে থিতাতে ২০০ৰো অধিক বিস্ফোৰক পদাৰ্থ নষ্ট কৰে ।