অসম

assam

ETV Bharat / bharat

মুৰ্চিদাবাদৰ বোমা বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মমতাৰ

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভত পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলি মন্তব্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ।

পশ্চিম বংগৰ মুৰ্চিদাবাদ বোমা বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মমতাৰ
পশ্চিম বংগৰ মুৰ্চিদাবাদ বোমা বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মমতাৰ

By

Published : Feb 18, 2021, 2:25 PM IST

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী: পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । মমতাৰ মন্ত্ৰীসভাৰ শ্ৰম মন্ত্ৰী জাকিৰ হুছেইন এই বিস্ফোৰণত গুৰুত্বৰভাৱে আহত হয় । বৃহস্পতিবাৰে কলকাতাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন জাকিৰ হুছেইনৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈ বোমা বিস্ফোৰণটো পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলি মন্তব্য প্ৰকাশ কৰে মমতাই ।

ৰে’লৱে ষ্টেচনত যদি এনে ঘটনা সংঘটিত হয় তেন্তে ৰে’ল বিভাগ ইয়াৰ বাবে দায়ী । ৰিম’ট কণ্ট্ৰলৰ জৰিয়তে এই বোমা বিস্ফোৰণ কৰা হৈছিল । ৰে'ল মন্ত্ৰালয়ৰ ওপৰত অভিযোগ উত্থাপন কৰি ৰে'ল মন্ত্ৰালয়ে এই দায়িত্বৰ পৰা পলাই যাব নোৱাৰে বুলি কয় মমতাই ।

এই ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰখনে চিআইডিক হস্তান্তৰ কৰে । বৃহস্পতিবাৰে পুৱা এছ এছ কে এম চিকিৎসালয়লৈ জাকিৰ হুছেইনক স্থানান্তৰ কৰি ট্ৰমা কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয়, য'ত তেওঁৰ উন্নত চিকিৎসাৰ বাবে এটা চিকিৎসকৰ দল গঠন কৰা হৈছে ।

উল্লেখ্য যে, বুধবাৰে মুৰ্চিদাবাদত নিমতিতা ৰেলৱে ষ্টেচনত মন্ত্ৰী জাকিৰ হুছেইনক পেট্ৰল বোমাৰে আক্ৰমণ কৰে অচিনাক্ত দুৰ্বৃত্তই । এই ঘটনাক কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুয গোৱেলেও ধিক্কাৰ জনাইছে ।

লগতে পঢ়ক:প্ৰিয়ংকা গান্ধীক প্ৰত্যাহ্বান জনাবলৈ সাজু উত্তৰ প্ৰদেশ বিজেপি

ABOUT THE AUTHOR

...view details