নেশ্যনেল ডেস্ক,২৬ মে' :বিহাৰৰ গয়া জিলাৰ এখন অৰণ্যত উদ্ধাৰ দুৰ্ধৰ্ষ মাওবাদী নেতাৰ মৃতদেহ (Maoist leader found dead in Bihar)। ইয়াৰ পূৰ্বে মাওবাদীজনৰ মূৰৰ ওপৰত প্ৰশাসনে ৮৪ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰি থৈছিল । শীৰ্ষ মাওবাদীজন সন্দীপ কুমাৰ বুলি জানিব পৰা গৈছে । বিষ সেৱনৰ ফলত মাওবাদীজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ।
গয়া জিলাৰ লুতুৱা আৰক্ষী থানাৰ সীমান্তৰ এখন অৰণ্যত উদ্ধাৰ হয় দুৰ্ধৰ্ষ মাওবাদী নেতা সন্দীপ যাদৱ ওৰফে বিজয় যাদৱৰ মৃতদেহ (Body of top Maoist leader found in forest)। বিহাৰ, ঝাৰখণ্ড, ছট্টীশগড়, ওড়িশা, পশ্চিমবংগ আৰু অন্ধ্ৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত বাঁকে বজাৰ খণ্ডৰ বাবুৰাম দেহ গাঁৱৰ বাসিন্দা ৫৫ বছৰীয়া সন্দীপ যাদৱৰ বিৰুদ্ধে ৫০০ ৰো অধিক গোচৰ ৰুজু হৈ আছে ।
জানিব পৰা মতে বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে মাওবাদীজনৰ বিৰুদ্ধে ঘোষণা কৰা পুৰষ্কাৰসমূহ যদি যোগ কৰা হয় তেনেহ'লে তাৰ পৰিমাণ হ'ব ৮৪ লাখ টকা (Sandeep was a Maoist with a reward of rupees 84 lakh)। প্ৰায় তিনি দশক ধৰি ঝাৰখণ্ডকে ধৰি বিভিন্ন ৰাজ্যত বহুতো আক্ৰমণৰ অভিযুক্ত আছিল এই মাওবাদীজন । বিহাৰত তেওঁৰ বিৰুদ্ধে প্ৰায় শতাধিক গোচৰ ৰুজু হৈ আছে ।