নিউজ ডেস্ক, 16 নৱেম্বৰ:উত্তৰ প্ৰদেশৰ বাস্তীৰ কালৱাৰত দেওবাৰে এগৰাকী 23 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় ৷ যুৱতীগৰাকীৰ 10 নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল আৰু পৰিয়ালৰ লোকে এই সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল ৷
যুৱতীগৰাকীৰ মৃতদেহ তেওঁৰ ঘৰৰ ওচৰৰ পথাৰত উদ্ধাৰ কৰা হৈছিল ৷ বৰ্তমান আৰক্ষীয়ে যুৱতীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ কালৱাৰী আৰক্ষী বিষয়া বিন্দশ্বৰী মণি ত্ৰিপাৰ্থী, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰবিন্দৰ সিং আৰু কালৱাৰীৰ চক্ৰ বিষয়া অনিল কুমাৰ সিং ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷