অসম

assam

ETV Bharat / bharat

Pithoragarh Road Accident : প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পিথোৰাগড়ত ভয়ংকৰ দুৰ্ঘটনা - PM Modi Pithoragarh tour

পিথোৰাগড়ত এখন বাহনৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড শিল । ২০ ঘণ্টাৰ পাছত ঘটনাস্থলীৰ পাছত ৭ টা মৃতদেহ উদ্ধাৰ । প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীও পৰিৱৰ্তন কৰা হৈছে ।

Pithoragarh Road Accident
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পিথোৰাগড়ত ভয়ংকৰ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:28 PM IST

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ :উত্তৰাখণ্ডৰ পিথোৰাগড়ত দেওবাৰে সন্ধিয়া এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এখন বাহনৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড শিল । দুৰ্ঘটনাটোত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । ইফালে দুৰ্ঘটনাটোৰ প্ৰায় ২০ ঘণ্টাৰ অন্তত দুৰ্ঘটনাত পতিত বাহনখন আৰু নিহত লোকসকলক উদ্ধাৰ কৰা হৈছে । দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে মৃতদেহকেইটা শিলৰ তলত আৱদ্ধ হৈ আছিল । আৰক্ষীৰ মতে মৃতদেহবোৰৰ অৱস্থা এনেকুৱা হৈ পৰিছে যে লোকসকল কোন তাক চিনাক্ত কৰাটো অতি কঠিন হৈ পৰিছে । সম্প্ৰতি আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত হোৱা পথটো মুকলি কৰিছে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ প্ৰশাসন তৎপৰ হৈ আছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ স্থান পৰিদৰ্শন কৰি দেওবাৰে সন্ধিয়া পিথোৰাগড়ৰ যিটো পথেৰে সকলো শীৰ্ষ বিষয়া আৰু নেতা গৈ আছিল সেই পথতে দুৰ্ঘটনাটো সংঘটিত হয় । পিথোৰাগড় আৰক্ষীয়ে প্ৰথম অৱস্থাত জনোৱা মতে এখন বাহন দুৰ্ঘটনাত পতিত হৈছে য'ত ৮ গৰাকী লোক আছিল । কিন্তু বাহনখনৰ ওপৰত ইমান বৃহৎ শিল পৰিছিল যে আৰক্ষী তথা প্ৰশাসনে বিআৰঅ'কে ধৰি আন সংস্থাবোৰে শিলটো আঁতৰাবলৈ 20 ঘণ্টা সময় লৈছিল ।

পিথোৰাগড়ৰ আৰক্ষী অধীক্ষক লোকেশ্বৰ সিঙৰ মতে দুৰ্ঘটনাৰ পাছত পথটোত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল যদিও বৰ্তমানৰ বাবে পথটো মুকলি কৰি দিয়া হৈছে । কিন্তু দুৰ্ঘটনাটোত মৃত্যু হোৱা ৭ গৰাকী লোকৰ মৃতদেহৰ অৱস্থা অতি বেয়া । আৰক্ষীৰ মতে পূৰ্বে তেওঁলোকৰ হাতত তথ্য আছিল যে বাহনখনত ৮ গৰাকী লোক আছিল । কিন্তু জানিব পৰা মতে দুৰ্ঘটনাটোৰ পূৰ্বে এগৰাকী লোক বাহনখনৰ পৰা নামি গৈছিল ।

নিহতসকলৰ ভিতৰত কিমান গৰাকী মহিলা আৰু কিমান জন পুৰুষ আছে সেয়া এতিয়াও নিশ্চিত হোৱা হয় । দুৰ্ঘটনাটোৰ পাছত প্ৰশাসন অধিক সক্ৰিয় হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে অঞ্চলটোত প্ৰায় ৬ টা ভূমিস্খলনপ্ৰৱণ স্থান চিনাক্ত কৰা হৈছে । এনে পৰিস্থিতিত, পিডব্লিউডি, এছডিআৰএফ, এনডিআৰএফৰ কৰ্মীসকলক সেই স্থানবোৰত মোতায়েন কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰে পিথোৰাগড়লৈ অহাৰ কথা আছিল, কিন্তু এতিয়া নিশাৰ বিশ্ৰামৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Hamas Attack on Israel : হামাছৰ ভয়ানক গণহত্যা; সংগীত উৎসৱত ২৬০ ইজৰাইলীক গুলীয়াই হত্যা

ABOUT THE AUTHOR

...view details