অসম

assam

ETV Bharat / bharat

Patna Boat capsized: গংগাৰ বুকুত ডুবিল যাত্ৰীসহ নাও - আৰজেডিৰ বিধায়ক ভাই বীৰেন্দ্ৰ

নাওখনত যাত্ৰা কৰা ৭ জন লোকে সাঁতুৰি কোনোমতে নিজৰ প্ৰাণৰক্ষা কৰে । আনহাতে বৰ্তমানো সন্ধানহীন হৈ আছে আন ৭ জন লোক (Seven Missing In Maner Boat Accident) ৷ নাওখনত যাত্ৰা কৰা অধিকাংশ লোকে তেওঁলোকৰ পোহনীয়া জন্তুৰ বাবে পশুখাদ্য আনিবলৈ গৈ আছিল ।

Boat capsized
নদীৰ মাজত ডুবিল যাত্ৰীসহ নাও

By

Published : Dec 30, 2022, 10:35 PM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ : বিহাৰৰ ৰাজধানী পাটনাত শুকুৰবাৰে সংঘটিত হয় এক ভয়াৱহ নাও দুৰ্ঘটনা । পাটনাৰ মানেৰ আৰক্ষী থানাৰ অন্তৰ্গত মহাবীৰ টোলা গাঁৱৰ গংগা ঘাটৰ ওচৰৰ যাত্ৰীসহ ডুব যায় এখন নাও (Boat capsized in Patna Maner) । নাওখনত প্ৰায় ১৪ জন লোক আছিল বুলি জানিব পৰা হৈছে । দুৰ্ঘটনাত পতিত ৭জন লোকে সাতুৰি কথমপি নিজৰ প্ৰাণৰক্ষা কৰে ৷ আনহাতে বৰ্তমানো সন্ধানহীন হৈ আছে আন ৭ জন লোক(Seven Missing In Maner Boat Accident) ।

এই নাও দুঘৰ্টনাৰ খবৰ পোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হয় ৷ তেওঁলোকে ততাতৈয়াকৈ ডুবাৰুৰ সহায়ত সন্ধানহীন লোকসকলক বিচাৰি অভিযান আৰম্ভ কৰে ৷ দুৰ্ঘটনাগ্ৰস্ত নাওখনত যাত্ৰা কৰা অধিকাংশ লোকে তেওঁলোকৰ পোহনীয়া জন্তুৰ বাবে পশুখাদ্য আনিবলৈ গংগা দিয়াৰালৈ গৈ আছিল । অধিকাংশ লোকে মানেৰ আৰক্ষী থানা অঞ্চলৰ ব্ৰহ্মচাৰীৰ বাসিন্দা বুলি জানিব পৰা হৈছে ।

আনহাতে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে আৰজেডিৰ বিধায়ক ভাই বীৰেন্দ্ৰই(RJD MLA Bhai Virendra) ৷ এই ঘটনাটো অতি দুখজনক বুলি উল্লেখ কৰি তেওঁ দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ লগে লগে জিলা প্ৰশাসনৰ বিষয়াৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ আৰজেডিৰ বিধায়ক ভাই বীৰেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি নাওখনত যাত্ৰা কৰা অধিকাংশ লোকেই কৃষি-কৰ্মৰ লগত জড়িত আছিল ৷ তেওঁলোকে পশুখাদ্য আনিবলৈ নাৱেৰে গংগা নদী পাৰ হৈ গৈ আছিল (Boat capsized In Ganga River) ।

বিধায়কগৰাকীয়ে লগতে উল্লেখ কৰা অনুসৰি, প্ৰশাসনৰ পৰা পোৱা তথ্য অনুসৰি, নাওখনত মুঠ ১৪ জন লোক আছিল । ইয়াৰে ৭ জন লোকে সাঁতুৰি নিজৰ প্ৰাণৰক্ষা কৰে । আন কেইবাজনো লোকে সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে । তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ৷ বিধায়ক ভাই বীৰেন্দ্ৰই ভুক্তভোগী লোকৰ পৰিয়ালক তেওঁলোকৰ লগত থকাৰ আশ্বাস দিয়াৰ লগতে সকলো ধৰণৰ সহযোগিতা প্ৰদান কৰাৰ আশ্বাস দিয়ে ৷

ইফালে মানেৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ ৰঞ্জনে জানিবলৈ দিয়া মতে, মহাবীৰ টোলা গাঁৱৰ গংগা ঘাটৰ ওচৰত নাওখন দুৰ্ঘটনাত পতিত হৈছিল ৷ আনহাতে মানেৰ ব্লকৰ চক্ৰ বিষয়া দিনেশ কুমাৰ সিঙে সদৰী কৰা মতে, নাওখনত যাত্ৰা কৰা লোকসকলৰ অধিকাংশই দিয়াৰা অঞ্চললৈ কাঠ আৰু পশুখাদ্য আনিবলৈ গৈছিল । প্ৰশাসনৰ লোকে ইতিমধ্যে দুৰ্ঘটনাত পতিত নাওখনৰ ভুক্তভোগী পৰিয়ালৰ লোকক সাক্ষাৎ কৰিছে ৷ সমান্তৰালভাৱে এছ ডি আৰ এফ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details