আগৰতলা,30 মাৰ্চ: নতুন ৰাজ্যিক সমিতি গঠনত ধন হৰণ আৰু তুষ্টিকৰণৰ অভিযোগৰ ভিত্তিত বিএমএছ নেতা আৰু একাংশ সমৰ্থকৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টিৰ ফলত সোমবাৰে আগৰতলাৰ উডলেণ্ড হোটেলত ট্ৰেড ইউনিয়নৰ দুই পক্ষৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় । দুই পক্ষৰ সংঘৰ্ষৰ ফলত ৰাজ্যিক গোটৰ কেন্দ্ৰীয় পৰ্যবেক্ষক সমীৰ বিশ্বাস আঘাতপ্ৰাপ্ত হয় ।
গোপন সূত্ৰৰ তথ্য অনুসৰি, দেওবাৰে উদয়পুৰত বিএমএছ ত্ৰিপুৰাৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হয় । উল্লেখযোগ্য় যে,সন্মিলনৰ সময়চোৱাতে নতুন ৰাজ্যিক সমিতি ঘোষণা কৰা হয় ৷ ইয়াৰ পিছতেই সৃষ্টি হয় সমস্যাৰ ৷ নতুন সমিতি ঘোষণা কৰাৰ পিছতে, নেতাসকলৰ এটা অংশই সভাকক্ষ পৰিহাৰ কৰে, যাৰ ফলত তীব্ৰ হাই-উৰুমিৰ সৃষ্টি হয় ।
সংস্থাটোৰ বিসম্বাদীসকলে কয় যে, "বিএমএছৰ নিয়ম অনুসৰি, পূৰ্বতে সম্পাদক-সভাপতিৰ পদবোৰ সংগঠিত আৰু অসংগঠিত দুয়োটা খণ্ডৰ প্ৰতিনিধিসকলে পূৰণ কৰিছিল । কিন্তু, এই বছৰ দুয়োটা পদ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰে আৰু অসংগঠিত খণ্ডৰ কৰ্মীসকলৰ প্ৰতিনিধিত্ব নগণ্য হৈ পৰে" ।
উল্লেখ্য় যে, পুঁজিৰ ব্যৱস্থাপনাতো গুৰুতৰ অনিয়ম হৈছিল । সংস্থাৰ সচিবৰ ভাষণৰ সময়ত, পুঁজিৰ বাৰ্ষিক বেলেন্স শ্বিট বৰ্ণনা কৰাৰ কথা আছিল, কিন্তু সেই গোটেই দিশটোৱেই বাদ পৰি ৰয় বুলি প্ৰকাশ কৰা হয় ৷ বিএমএছৰ সকলো নিয়ম উলংঘন কৰি শংকৰ দেৱ আৰু দিগ্বিজয় ভাৱাল নতুন ৰাজ্যিক সমিতিৰ সভাপতি আৰু সম্পাদকৰূপে নিৰ্বাচিত হয় ।