আগৰতলা,৩১ আগষ্ট: কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ উদ্যোগত ত্ৰিপুৰাৰ জিবি পন্ত চিকিৎসালয়ত প্ৰতি মঙলবাৰে অনুষ্ঠিত কৰা হৈছিল ৰক্তদান শিবিৰ(Tripura MoS Blood donation camp) । এই অনুষ্ঠানে চলিত সপ্তাহত অতিক্ৰম কৰিলে ৫০ টি সপ্তাহৰ(Blood donation camp completes 50 week in Tripura) । তেজৰ সংকট দুৰ কৰাৰ বাবে বাবে লোৱা হৈছিল এই পদক্ষেপ । এটা ফেচবুক পোষ্টযোগে মন্ত্ৰীগৰাকীয়ে ৫০তম সপ্তাহ উপলক্ষে সকলোকে স্বেচ্ছাই ৰক্তদানৰ বাবে আহ্বান জনাই । আৰু তেঁওৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় ১০০ জন লোকে ৰক্তদান কৰে(100 people donate blood in Tripura) ।
৫০টি সপ্তাহ অতিক্ৰম কৰাৰ মূহুৰ্ত্বত মন্ত্ৰীগৰাকীয়ে কয় যে জিবি চিকিৎসালয়ত তেজৰ অভাৱ দূৰ কৰিবলৈ আৰু ৰোগীসকলক তৎকালীণভাৱে তেজ প্ৰদান কৰিবলৈ প্ৰতি মঙলবাৰে জিবি পণ্ট চিকিৎসালয়ত ৰক্তদান শিবিৰৰ আয়োজন কৰিছিল । আৰু যোৱা মঙলবাৰে ইয়াৰ ৫০ তম সপ্তাহ সম্পূৰ্ণ হয় । এই বিশেষ দিনটোক স্মৰণ কৰিবলৈ যোৱা মঙবাৰে প্ৰায় ১০০ জন লোকে এই ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰিব । লগতে তেঁও কয় যে সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা অবিহনে এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহ'লহেঁতেন ।