অসম

assam

ETV Bharat / bharat

Saran Blast case : আতচবাজী ফেক্টৰীত বিস্ফোৰণ, নিহত 6 - আতচবাজী ফেক্টৰীত বিস্ফোৰণ

বিহাৰৰ ছপৰাত আতচবাজী ফেক্টৰীত ভয়াবহ বিস্ফোৰণ (Blast in cracker factory in Chapra Bihar)৷ এই বিস্ফোৰণত 6 জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক নিৰুদ্দেশ হৈ আছে ৷

Blast in cracker factory in Chapra Bihar
আতচবাজী ফেক্টৰীত বিস্ফোৰণ, নিহত 6

By

Published : Jul 24, 2022, 9:21 PM IST

নেশ্যনেল ডেস্ক, 24 জুলাই :বিহাৰত অঘটন ৷ বিহাৰৰ ছপৰাত অৱস্থিত এটা আতচবাজী ফেক্টৰীত দেওবাৰে সংঘটিত হয় এক ভয়াবহ বিস্ফোৰণ (Explosion while making bomb in Chapra) ৷ তথ্য অনুসৰি, আতচবাজী প্ৰস্তুত কৰি থকা সময়তে সংঘটিত হয় এই অঘটন ৷

আতচবাজী ফেক্টৰীত বিস্ফোৰণ, নিহত 6

এই বিস্ফোৰণত বৰ্তমানলৈকে 6 জন লোকে প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে ৷ তেওঁলোক হ’ল - মৌলাজিম আলী (35), শ্ববানা খাতুন (30), অমীনা খাতুন (62), সাৱীৰ (22), যাসমীন (20), শ্বাহজাদ (5) ৷

ইফালে সাৰণৰ আৰক্ষী অধীক্ষক সন্তোষ কুমাৰে সংবাদ মাধ্যমৰ আগত কয়, ‘‘ইয়াত যিটো ঘৰ আছিল সেই পৰিয়ালটোৰ সদস্যই উল্লেখ কৰে যে, আগত ৰেডীমেডৰ দোকান আৰু পাচত ফটকা প্ৰস্তুত আৰু বিক্ৰী কৰাৰ দোকান আছিল ৷ ইয়াতে হঠাৎ জুইৰ সূত্ৰপাত ঘটিছিল ৷ ইয়াতে আতচবাজীৰ সৈতে চিলিণ্ডাৰো বিস্ফোৰিত হয় (Explosion while making bomb in Chapra)৷

ফলত সম্পূৰ্ণ অট্টালিকাটো ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে ৷ এই বিস্ফোৰণ প্ৰকৃত আতচবাজী নে বোমা বিস্ফোৰিত হোৱাৰ কাৰণে সংঘটিত হয় সেই সন্দৰ্ভত অব্যাহত আছে অনুসন্ধান (Blast In Bihar)৷ ইতিমধ্যে ঘটনাস্থলীত উপলস্থিত হৈছে বোমা বিশেষজ্ঞ, ফৰেঞ্চিকৰ এটা দল ৷ জানিব পৰা মতে, বে-আইনীভাৱে প্ৰস্তুত কৰা হৈছিল আতচবাজী প্ৰস্তুত কৰাৰ অনুজ্ঞাপত্ৰ’’ ৷

6 লোকৰ মৃত্যু :বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে, গোটেই অঞ্চলটো জোকাৰি গৈছিল । ফলত গোটেই অট্টালিকাটো খহি পৰিছিল ৷ প্ৰায় ধ্বংসস্তূপত পৰিণত হ’ল সম্পূৰ্ণ অট্টালিকাটো ৷ এই ধ্বংসাৱশেষৰ পৰা বৰ্তমানলৈকে ছয়টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

মছজিদৰ পৰা কিছু নিলগত আছিল অট্টালিকাটো :প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, খৈৰা আৰক্ষী থানাৰ অন্তৰ্গত খোদাইবাগৰ ওলহানপুৰ গাঁৱৰ মছজিদৰ ওচৰত হঠাৎ বিস্ফোৰণ সংঘটিত হৈছিল । এই বোমা বিস্ফোৰণৰ প্ৰভাৱ সেই স্থানতো পৰিছিল ৷ আনকি ইয়াৰ ফলত বহুলোক বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল ।

লগতে পঢ়ক :Arpita Mukherjee in ED custody: EDৰ জিম্মালৈ প্ৰেৰণ অৰ্পিতা মুখাৰ্জীক

ABOUT THE AUTHOR

...view details