নেশ্যনেল ডেস্ক, ২০ জুলাই :পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয় প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধুক । দেওবাৰে সন্ধিয়া পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কেইবা সপ্তাহৰ অন্তৰ্দ্বন্দ্ব আৰু তীব্ৰ মত বিৰোধৰ অন্তত পঞ্জাৱ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ নাম ঘোষণা কৰে । ইফালে কেন্দ্ৰীয় নেতৃত্বই তেওঁৰ লগতে সংগত সিং গিলজিয়ান, সুখবিন্দৰ সিং ডেনি, পৱন গোৱেল আৰু কুলজিৎ সিং নাগ্ৰাক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটিৰ(PPC) কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে । অমৰিন্দৰ সিং আৰু সিদ্ধুৰ সৈতে কংগ্ৰেছ হাই কমাণ্ডৰ মাজত হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল ।
ইফালে সভাপতি হোৱাৰ দ্বিতীয় দিনাই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় নেতাগৰাকী । লুধিয়ানাৰ নৱানচহৰৰ ভগত সিং মাৰ্গত উপস্থিত হোৱাৰ পিছতে মঙলবাৰে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুক ক'লা পতাকা প্ৰদৰ্শন কৰে একাংশ কৃষকে । সেই সময়ত এটা কৃষক সংগঠনে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল আৰু সিদ্ধুক প্ৰশ্ন কৰিব বিচাৰিছিল ।
কিন্তু কংগ্ৰেছ পক্ষই প্ৰতিবাদকাৰীসকলক গুৰুত্ব আৰোপ কৰা নাছিল ৷ যাৰ বাবে ক্ষোভিত প্ৰতিবাদকাৰীসকলে ক'লা পতাকা প্ৰদৰ্শন কৰে নৱ নিযুক্ত সভাপতিগৰাকীক । ইফালে এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে সেই সময়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় যদিও আৰক্ষীৰ ফালৰ পৰা লাঠীচাৰ্জ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি নহ'ল ।