অসম

assam

ETV Bharat / bharat

Rajasthan election 2023 : চন্দ্ৰযান 3 ৰ দৰেই ৰাজস্থানত পৰিৱৰ্তন যাত্ৰা সফল হ’ব; দাবী বিজেপি নেতা প্ৰহ্লাদ যোশীৰ - কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজস্থানৰ বিজেপিৰ নিৰ্বাচন

কংগ্ৰেছক আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজস্থানৰ বিজেপিৰ নিৰ্বাচন প্ৰভাৰী প্ৰহ্লাদ যোশীৰ ৷ লোকসভা নিৰ্বাচনত কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰিব বুলি দাহী বিজেপি নেতাগৰাকীৰ ৷

BJPs Parivartan yatra in Rajasthan will be as successful as Chandrayatra
বিজেপি নেতা প্ৰল্হাদ যোশী

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 8:57 AM IST

Updated : Aug 27, 2023, 9:04 AM IST

নেশ্যনেল ডেস্ক, 27 আগষ্ট:আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকাৰ সময়তেকেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজস্থানৰ বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী প্ৰহ্লাদ যোশীয়ে শনিবাৰে চন্দ্ৰযান 3 ৰ সফলতা সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় ৷ কংগ্ৰেছ শাসিত ৰাজস্থানত দলটোৱে আয়োজন কৰা পৰিৱৰ্তন যাত্ৰা চন্দ্ৰযান-3 ৰ দৰে সফল হ’ব বুলি দাবী কৰে নেতাগৰাকীয়ে ৷

যোশীয়ে লগতে কয়, "আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ জনসাধাৰণে কংগ্ৰেছক ক্ষমতাৰ পৰা বাহিৰ কৰি দিব ৷" সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জয়পুৰত প্ৰহ্লাদ যোশীয়ে কয় যে পৰিৱৰ্তন যাত্ৰা চন্দ্ৰযাত্ৰা (চন্দ্ৰযান ৩)ৰ দৰেই সফল হ’ব ৷ জনসাধাৰণে সমগ্ৰ কংগ্ৰেছ দলক ৰাজ্যখনৰ পৰা বাহিৰ কৰি দিব ।

ইয়াৰ পূৰ্বেও বিৰোধী দলটোৰ প্ৰতি তীব্ৰ আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হৈছিল বিজেপি দলটোক ৷ ৰাজস্থানৰ বাবে বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে কৰ্মৰত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে 24 আগষ্টত ৰাজস্থানত দিনজোৰা ভ্ৰমণৰ বাবে উপস্থিত হৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে 'আটাইতকৈ দুৰ্নীতিগ্ৰস্ত' চৰকাৰ বুলি অভিযোগ তোলে । 2, 3, 4, আৰু 5 ছেপ্টেম্বৰত ৰাজস্থানত বিজেপিৰ ‘পৰিৱৰ্তন যাত্ৰা’ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু 25 ছেপ্টেম্বৰত জয়পুৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব বুলি বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে ।

ইয়াৰোপৰি, ৰাজ্যখনৰ উদয়পুৰত উপস্থিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰক “মহিলাৰ সুৰক্ষা নিশ্চিত কৰাত ব্যৰ্থ হোৱা” বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত ধৰ্ষণৰ কাণ্ডক লৈও উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক: USA news : আমেৰিকাত একেদিনাই দুটা স্থানত গুলীচালনাৰ ঘটনা; নিহত 3 আহত 7

Last Updated : Aug 27, 2023, 9:04 AM IST

ABOUT THE AUTHOR

...view details