নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল :পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কট্টৰ বিৰোধী ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ হাইকামাণ্ডে কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কেইবাগৰাকী ৰাজনৈতিক নেতাৰ পৰিয়ালৰ লোকক টিকট প্ৰদান কৰিছে । দলটোৱে ঘোষণা কৰা ১৮৯ জন প্ৰাৰ্থীৰ ভিতৰত, ২৪ জনতকৈ অধিক লোকৰে পৰিায়লত ৰাজনৈতিক ইতিহাস আছে (BJP candidates list for Karnataka election)।
ৰাজনৈতিক নেতাৰ সৈতে পিতা-পুত্ৰ, স্বামী-স্ত্ৰী, ভাতৃ-ভগ্নী, শাহু আৰু জোৱাইৰ দৰে তেজৰ সম্পৰ্ক থকা বহু প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট দিয়া হৈছে (Karnataka BJP candidates have political background)। প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাৰ পুত্ৰ বি ৱাই বিজয়েন্দ্ৰক দলটোৱে চিকাৰীপুৰৰ পৰা টিকট দিছে । মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত য়েদিয়ুৰাপ্পাই নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ লৈছিল । তেওঁৰ ভাতৃ বি ৱাই ৰাঘৱেন্দ্ৰ শিমোগা সমষ্টিৰ লোকসভাৰ সদস্য ।
মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইও ৰাজনৈতিক হস্তক্ষেপ থকা এটা পৰিয়ালৰ পৰা আহিছে (Basavaraj Bommai from political background family)। বোম্মাই শিগাভি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁৰ পিতৃ এছ. আৰ. বোম্মাই জনতা পাৰ্টি চৰকাৰত মুখ্যমন্ত্ৰী আছিল আৰু কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।
বিজেপি হাইকমাণ্ডে উদ্যোগ মন্ত্ৰী মুৰুগেশ নিৰানীক টিকট প্ৰদান কৰিছে (Murugesh Nirani got BJP ticket)। তেওঁৰ ভাতৃ হনুমন্ত নিৰাণী বিজেপিৰ বিধান পৰিষদৰ সদস্য । দলটোৱে হুবলি-ধাৰৱাড পশ্চিম সমষ্টিৰ অৰবিন্দ বেলাদাক টিকট দিছে । তেওঁৰ পিতৃ চন্দ্ৰকান্ত বেলাদা ৫ বাৰকৈ বিজেপিৰ বিধায়ক আছিল ।
বেল্লাৰী জিলাত পৰিবহন মন্ত্ৰী শ্ৰীৰামুলুকো টিকট দিয়া হৈছে । তেওঁৰ ভগ্নী শান্তা পূৰ্বে বেল্লাৰী সমষ্টিৰ বিজেপি লোকসভাৰ সদস্য আছিল । আনহাতে, তেওঁৰ আত্মীয় দেৱেন্দ্ৰপ্পা আৰু ফকিৰাপ্পা লোকসভাৰ সদস্য । ইফালে, শ্ৰীৰামুলুৰ জোৱাই সুৰেশ বাবু কম্পলি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় ।