অসম

assam

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:51 PM IST

ETV Bharat / bharat

One Nation One Poll: বিজেপিৰ ভাৰত, এক দেশ, এক নিৰ্বাচনৰ প্ৰস্তাৱত সাংবিধানিক সংশোধনৰ প্ৰয়োজন, ৰাজ্যসভাত অৱৰোধৰ সন্মুখীন হ’ব; কংগ্ৰেছ

কংগ্ৰেছ নেতা ৰজনী পাটিলে কয় যে, যদি চৰকাৰে দেশৰ নাম কেৱল 'ভাৰত' লৈ সলনি কৰিব বিচাৰে, তেন্তে সংসদৰ দুয়োখন সদনতে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে বিধেয়কখন গৃহীত কৰিব লাগিব। উচ্চ সদনত তেওঁলোকৰ তেনে ধৰণৰ সংখ্যাগৰিষ্ঠতা নাই আৰু তেওঁলোকে তাত বাধাৰ সন্মুখীন হ'ব ৷

Constitutional Amendment
বিজেপিৰ ভাৰত, এক দেশ, এক নিৰ্বাচনৰ প্ৰস্তাৱ

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ : ভাৰতীয় জনতা পাৰ্টীৰ 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' প্ৰস্তাৱ আৰু দেশৰ নাম কেৱল 'ভাৰত'লৈ সলনি কৰাৰ পৰিকল্পনাৰ ৰাজ্যসভাত বিৰোধীৰ অৱৰোধৰ সন্মুখীন হ’ব বুলি বুধবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজনী পাটিলে কয় ৷ যদিও 18-22 ছেপ্টেম্বৰৰ পৰা সংসদৰ পাঁচদিনীয়া বিশেষ অধিৱেশনৰ কাৰ্যসূচীত এই সন্দৰ্ভত চৰকাৰে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই, তথাপিও বিতৰ্কিত পৰিকল্পনা দুটাক বিজেপিয়ে আনিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷

কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য ৰাজনী পাটিলে ইটিভি ভাৰতক কয় যে, "সংবিধানত স্পষ্টভাৱে দেশৰ নাম উল্লেখ কৰা হৈছে যে 'ইণ্ডিয়া যি হৈছে ভাৰত, ৰাজ্যসমূহৰ এক সংঘ হ'ব ৷' আমাৰ বাবে দুয়োটা শব্দ একে ৷ কিন্তু যদি চৰকাৰে দেশৰ নাম কেৱল 'ভাৰত' লৈ সলনি কৰিব বিচাৰে, তেন্তে সংসদৰ দুয়োখন সদনতে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে বিধেয়কখন গৃহীত কৰিব লাগিব ৷ উচ্চ সদনত তেওঁলোকৰ তেনে ধৰণৰ সংখ্যাগৰিষ্ঠতা নাই আৰু তাত বাধাৰ সন্মুখীন হ'ব ৷ INDIAৰ দলসমূহে একেলগে বিধেয়কখনৰ বিৰোধিতা কৰিব ৷"

তেওঁ কয় যে, "যদি 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' ধাৰণাক অনাৰ বাবে আন এখন বিধেয়ক স্থানান্তৰিত কৰা হয়, তেন্তে ইও ৰাজ্যসভাৰ একেই অৱৰোধৰ মোকাবিলা কৰিব ৷ এয়াই সকলো নহয়, যিকোনো সাংবিধানিক সংশোধনীও ৰাজ্যৰ 50 শতাংশতকৈ অধিক বিধানসভাৰ দ্বাৰা অনুমোদিত হ'ব লাগিব ৷ এইটো কোৱাতকৈ কৰাতো সহজ ৷" পাটিলৰ মতে, চৰকাৰে এজেণ্ডা লৈ ওলাই অহা নাছিল যদিও সংসদৰ বিশেষ অধিৱেশনৰ কথা ঘোষণা কৰিছিল সেয়া আচহুৱা আছিল ৷

তেওঁ কয় যে, "এনেধৰণে কেতিয়াও নহয় ৷ যদি চৰকাৰে সংসদৰ এক বিশেষ অধিৱেশন আহ্বান কৰাৰ সিদ্ধান্ত লয়, তেওঁলোকে বিৰোধী দলবোৰৰ সৈতে আগতীয়াকৈ আলোচনা কৰে আৰু আইন প্ৰণেতাসকলৰ মাজত কাৰ্যসূচী প্ৰচাৰ কৰে যাতে তেওঁলোক সাজু হৈ আহে আৰু সঠিক আলোচনা হ'ব পাৰে ৷ কিন্তু এইবাৰ এনেধৰণৰ একো হোৱা নাই ৷ অধিৱেশনৰ কাৰ্যসূচী কি সেয়া আমাৰ কোনো ধাৰণা নাই কিন্তু আমি তাত গ্ৰহণ কৰিব পৰা বিভিন্ন প্ৰস্তাৱৰ বিষয়ে সংবাদ মাধ্যমত পঢ়ি আছো ৷"

কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য গুৰদীপ সিং চাপ্পালেও ৰজনী পাটিলৰ সৈতে সহমত প্ৰকাশ কৰে ৷ তেওঁ কয় যে, "ইণ্ডিয়াৰ পৰা ভাৰতলৈ ৰাষ্ট্ৰৰ নাম পৰিৱৰ্তনৰ বাবে সংবিধান সংশোধনৰ প্ৰয়োজন ৷ কিন্তু ৰাজ্যসভাত বিজেপিৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা নাই ৷"

দলৰ ভিতৰুৱা লোকসকলৰ মতে, কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ অধ্যক্ষতাত অনুষ্ঠিত এক যুটীয়া ৰণনীতি অধিৱেশনত 5 ছেপ্টেম্বৰত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ 24 টা দলে দেশৰ নাম 'ভাৰত' আৰু 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' লৈ পৰিৱৰ্তন সম্পৰ্কীয় বিজেপিৰ প্ৰতিবেদিত প্ৰস্তাৱসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছিল |

ইয়াৰ কেইঘণ্টামান আগতে, কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে বিশেষ সংসদ অধিৱেশনৰ বাবে দলৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন বৈঠকত সভাপতিত্ব কৰিছিল ৷ পৰৱৰ্তী সময়ত বিৰোধী দলবোৰে সিদ্ধান্ত লয় যে 'ভাৰত' বিষয়টো সাৱধানে মোকাবিলা কৰিব লাগে আৰু ইয়াৰ পৰিৱৰ্তে কাৰিকৰী বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷

ৰাজ্যসভাৰ সদস্য জয়ৰাম ৰমেশে কয় যে, "হয়, 'ইণ্ডিয়া অৰ্থাৎ ভাৰত, ৰাজ্য সমূহৰ এক সংঘ হ'ব' সংবিধানত লিখা হৈছে ৷ আমি যি কৈছো সেয়া হ'ল বিজেপিয়ে ৰাজ্যসমূহৰ এই সংঘক আক্ৰমণ কৰি আছে ৷ ই নিৰ্বাচিত ৰাজ্য চৰকাৰৰ ফেডাৰেল গাঁথনি আৰু সাংবিধানিক অধিকাৰক আক্ৰমণ কৰি আছে ৷ বিশেষ অধিৱেশনৰ সময়ত আমি এই বিষয়বোৰ উত্থাপন কৰিব বিচাৰো ৷"

লগতে পঢ়ক :India Bharat Division: জিন্নাই ইণ্ডিয়া নামটোত আপত্তি কৰিছিল; বিজেপিক প্ৰত্যুত্তৰ শশী থাৰুৰৰ

ABOUT THE AUTHOR

...view details