নিউজ ডেস্ক, ৭ জুলাই : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এতিয়াৰে পৰাই কঁকালত টঙালি বান্ধিছে বিজেপিয়ে । লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে দুবছৰীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিৰ থিংক টেংকে (BJP two year programme for Loksabha Election) । ২০২৪ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰী, সাংসদ তথা দলৰ নেতাসকলক নিজ নিজ অঞ্চলত ভোটাৰ ৰাইজৰ সৈতে সম্পৰ্ক স্থাপনৰ পৰামৰ্শ দিয়া হৈছে (BJP targeted 2024 Loksabha Election) । বিভিন্ন পৰ্যায়ৰ প্ৰতিগৰাকী নেতা-কৰ্মীক নিজ নিজ অঞ্চলৰ জনসাধাৰণৰ প্ৰতিঘৰৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা আঁচনিসমূহৰ ওপৰত তেওঁলোকৰ পৰা মতামত গ্ৰহণৰ লগতে উক্ত আঁচনিসমূহৰ সুফল ব্যাখ্যা কৰাৰো নিৰ্দেশ দিয়া হৈছে ।
২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাবেই শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকখন হায়দৰাবাদত অনুষ্ঠিত কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত (BJP national executive Hyderabad 2022) । কিয়নো দক্ষিণ ভাৰতৰ তিনি ৰাজ্য তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাত এতিয়ালৈকে বিজেপিয়ে ভেটি সুদৃঢ় কৰিব পৰা নাই । খোপনি পুতিব পৰা নাই সংসদীয় ৰাজনীতিত । সামগ্ৰিকভাৱে দলৰ বিভিন্ন স্তৰৰ আন্তঃগাঁথনি দক্ষিণৰ ৰাজ্যকেইখনত ক্ৰমান্বয়ে গঢ়ি উঠিছে যদিও নিৰ্বাচনত কিন্তু বিজেপিৰ এতিয়াও তাত ফলাফল একপ্ৰকাৰ শূন্য । তেনে ক্ষেত্ৰত আগন্তুক লোকসভা নিৰ্বাচনত দক্ষিণৰ এই তিনি ৰাজ্যৰ পৰা অতি কমেও ১০ জন সাংসদক সংসদৰ মজিয়ালৈ নিৰ্বাচিত কৰাই অনাৰ কৌশল ৰচনা কৰিয়েই হায়দৰাবাদত অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক ।
আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ আন এক কৌশল হৈছে যুৱ প্ৰজন্মৰ ভোট আদায় (BJP strategy to votes of younger generation) । তাৰ বাবে যুৱ প্ৰজন্মক দলটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈও বিভিন্ন কূট-কৌশল গ্ৰহণ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় কৰ্ণ নিৰ্ধাৰক কমিটীয়ে । যুৱ প্ৰজন্মৰ মাজত বিজেপি দল আৰু চৰকাৰৰ আদৰ্শ বিলাই দিবৰ বাবেও গ্ৰহণ কৰিছে বিভিন্ন পন্থা । তাৰ বাবে ইতিমধ্যে বিজেপিৰ যুৱ মৰ্চাক নীতি-নিৰ্দেশনা প্ৰদান কৰিছে । তাৰেই অংশ হিচাবে আগন্তুক দিনত বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকখন অসমত অনুষ্ঠিত কৰাৰ এক সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে । এক ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে, সকলো ঠিকে থাকিলে চলিত মাহৰ শেষৰ ফালে বা অহা মাহৰ ভিতৰত বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকখন কাজিৰঙাত অনুষ্ঠিত হ'ব (BJP Yuva Morcha national executive may held in Kaziranga) ।
উল্লেখ্য, ৰাষ্ট্ৰীয় ৰাজনীতিত বিজেপিৰ এক গুৰুত্বপূৰ্ণ আৰু অবিচ্ছেদ্য অংগ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma become an important part for BJP) । হিমন্ত বিশ্বৰ নেতৃত্বত বিজেপিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বহুকেইটা সফলতাৰ মুখ দেখিছে । যুৱ প্ৰজন্মৰ মাজতো হিমন্ত বিশ্ব শৰ্মা অতি জনপ্ৰিয় আৰু বিশ্বাসযোগ্য নেতা হিচাবে পৰিগণিত হৈ পৰিছে । সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ সহযোগিতাতে এইবাৰৰ বিজেপিৰ ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন কাজিৰঙাত অনুষ্ঠিত হ'বলৈ ওলাইছে বুলি সূত্ৰত প্ৰকাশ । ইতিমধ্যে এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ সভাপতি তথা সাংসদ তেজস্বী সূৰ্যৰ সৈতে অনানুষ্ঠানিক কথা-বতৰা হোৱা বুলিও জানিব পৰা গৈছে (Himanta Biswa Sarma meeting with Tejasvi Surya) । উল্লেখ্য, আজি কিছুদিন পূৰ্বে বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য এক কাৰ্যসূচীত অসমলৈ আহিছিল (BJP Yuva Moncha President Tejsvi Surya)। উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল ।