অসম

assam

By

Published : Apr 21, 2022, 10:35 AM IST

ETV Bharat / bharat

BJP worker shot dead : দিল্লীত বিজেপি কৰ্মীক গুলীয়াই হত্যা

ৰাজধানী দিল্লীত বিজেপি কৰ্মীক(BJP worker shot dead in Delhi) হত্যা ৷ বিজেপিৰ 42 বছৰীয়া কৰ্মীগৰাকীক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গাজীপুৰ আৰক্ষীয়ে ৷

BJP worker shot dead in Delhi
দিল্লীত বিজেপি কৰ্মীক গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক, 21 এপ্ৰিল : ৰাজধানী চহৰ নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ এগৰাকী 42 বছৰীয়া নেতাক গুলীয়াই হত্যা(BJP worker shot dead in Delhi) ৷ এই কথা সদৰি কৰিছে দলটোৰ এগৰাকী নেতাই ৷ নেতাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নিহত বিজেপি নেতাগৰাকী ময়ূৰ বিহাৰৰ ছেক্টৰ 3 ৰ বাসিন্দা জীতেন্দ্ৰ ওৰফে জিতু চৌধুৰী(BJP worker shot dead in Mayur Vihar) বুলি জানিব পৰা গৈছে ৷

আৰক্ষী উপায়ুক্ত প্ৰিয়ংকা কাশ্যপে এই বিষয়ত সদৰি কৰা অনুসৰি, বুধবাৰে সন্ধিয়া গাজীপুৰ আৰক্ষীৰ তহলদাৰী গোটে Pocket C- 1 ৰ সমীপত এক জনসমাৱেশ প্ৰত্যক্ষ কৰিছিল ৷ আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ এজন লোকক বাসগৃহৰ সন্মুখত তেজেৰে তুমুৰলি হৈ এটা পুখুৰীত পৰি থকা প্ৰত্যক্ষ কৰে ৷ আহত লোকজনক স্থানীয় ৰাইজৰ তৎপৰতাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও আদবাটতে তেওঁ মৃত্যুবৰণ কৰে ৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা খালী কাৰ্টিজৰ লগতে আপত্তিজনক কিছু নথিপত্ৰ উদ্ধাৰ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ তদুপৰি প্ৰত্যক্ষদৰ্শীৰ সন্ধানতো নামি পৰিছে গাজীপুৰ আৰক্ষী ৷

লগতে চাওক:ছয় লাখ টকাৰ ড্রাগছসহ চাৰি সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details