অসম

assam

By

Published : Nov 5, 2021, 9:27 PM IST

ETV Bharat / bharat

BJP ৰ গুণ্ডা বাহিনীৰ বাবেই CPIM দলে দাখিল কৰিব নোৱাৰিলে নেকি মনোনয়ন ?

ত্ৰিপুৰাৰ ৭ খন নগৰ সমিতিত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে বিজেপি দলে ৷ একে সময়তে চিপিআইএম দলে অভিযোগ কৰিছে বিজেপিৰ গুণ্ডা বাহিনীৰ বাবেই তেওঁলোকে দাখিল কৰিব নোৱাৰিলে মনোনয়ন ৷

BJP won uncontested in 7 Urban Local Bodies in Tripura
BJP ৰ গুণ্ডা বাহিনীৰ বাবেই CPIM দলে দাখিল কৰিব নোৱাৰিলে নেকি মনোনয়ন ?

আগৰতলা, 5 নবেম্বৰ :ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত বিজেপি দলৰ সভাপতি ড৹ মানিক সাহাই শুকুৰবাৰে দাবী কৰিছে যে তেওঁৰ দলে ৭ খন নগৰ সমিতিত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে । বিজেপিৰ ৰাজ্যিক দলৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ড৹ সাহাই কয় যে, ত্ৰিপুৰাৰ ২০ খন নগৰ সমিতিৰ ভিতৰত বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাত ৭ খনত জয়লাভ কৰিছে ৷ কিয়নো বিজেপিৰ বিৰুদ্ধে কোনো ৰাজনৈতিক দলেই মনোনয়ন পত্ৰ দাখিল কৰা নাই ।

তেওঁ কয় যে, এই নগৰ সমিতি সমূহ হৈছে কমলপুৰ নগৰ পঞ্চায়ত, জিৰানিয়া নগৰ পঞ্চায়ত, ৰাণীৰ বজাৰ পৌৰ পৰিষদ, মোহনপুৰ পৌৰ পৰিষদ, উদয়পুৰ পৌৰ পৰিষদ আৰু সন্তৰবজাৰ পৌৰ পৰিষদ । সাহাই জনায় যে, ৭ খন নগৰ সমিতিৰ ৩৩৪ খন আসনৰ ভিতৰত প্ৰায় ১০০ খন আসনতে বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিব ।

লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে, চিপিআইএমৰ ৰাজ্যিক সচিবালয় সংস্থাই অভিযোগ কৰিছিল যে, বিজেপি সমৰ্থিত গুণ্ডাই সৃষ্টি কৰা ত্ৰাসৰ বাবে চিপিআইএমে পাঁচখন পৌৰ পৰিষদত তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে ।

চিপিআইএমৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে, বিজেপিৰ ত্ৰাসৰ বাবে বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলে শান্তিৰবজাৰ, উদয়পুৰ, বিশালগড়, মোহনপুৰ আৰু ৰাণীৰবজাৰ আৰু দুখন নগৰ পঞ্চায়ত জিৰানিয়া আৰু কমলপুৰকে ধৰি পাঁচখন পৌৰ পৰিষদত মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে । তেওঁ অভিযোগ কৰে যে, পৌৰ নিগমৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ দিনাৰ পৰাই বিজেপি সমৰ্থিত অসামাজিক শক্তি সমূহে সংশ্লিষ্ট পৌৰ নিগমসমূহৰ ৰিটাৰ্ণিং বিষয়াসকলৰ কাৰ্যালয় দখল কৰি লৈছিল ।

লগতে পঢ়ক :শেষ হ'ব চাৰধাম যাত্ৰা; উত্তৰাখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details