অসম

assam

ETV Bharat / bharat

বিজেপিয়ে দুটা সংখ্যাৰ ঘৰো স্পৰ্শ কৰিবলৈ অসমৰ্থ হ'ব : পিযুষ বিশ্বাস - ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পিযুষ বিশ্বাস

ADC নিৰ্বাচনত কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পিযুষ বিশ্বাসৰ ৷ নিৰ্বাচনত বিজেপিয়ে দুটা সংখ্যাৰ ঘৰো স্পৰ্শ কৰিবলৈ অসমৰ্থ হ'ব বুলি মন্তব্য পিযুষ বিশ্বাসৰ ৷

পিযুষ বিশ্বাস
পিযুষ বিশ্বাস

By

Published : Apr 7, 2021, 9:12 AM IST

ত্ৰিপুৰা, 7 এপ্ৰিল : ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পিযুষ বিশ্বাসে মঙলবাৰে মন্তব্য কৰে যে, TTAADC অঞ্চলত সংঘটিত হিংসাত্মক ঘটনাই সাধাৰণ জনতাক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত বহুখিনি চিন্তা কৰিবলৈ বাধ্য কৰিব ৷ TPCC সভাপতি গৰাকীয়ে দাবী কৰে যে, বিজেপিয়ে এইবাৰ ADC নিৰ্বাচনত দুটা সংখ্যাৰ ঘৰ স্পৰ্শ কৰিবলৈও অসমৰ্থ হ'ব ৷ ইয়াৰ দ্বাৰা লাভাম্বিত হ'ব কংগ্ৰেছ ৷

পিযুষ বিশ্বাসে কয়, "কংগ্ৰেছৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব ৷ ৰাজ্যখনত সমৰ্থকৰ পৰা কংগ্ৰেছে বিপুল সমৰ্থন আৰু উৎসাহ লাভ কৰিছে ৷ নতুন পৰিষদ গঠন হ'লে কংগ্ৰেছৰ হাতত ক'ব পৰাকৈ বহু সংখ্যা থাকিব ৷"

নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হিংসাত্মক কাণ্ডক কঠোৰ ভাষাৰে সমালোচনা জনায় কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷ তেওঁ কয় যে, শাসনাধীষ্ঠ বিজেপি-আইপিএফটিৰ গুণ্ডা বাহিনীয়ে ভোটাৰ সকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়ত বাধা দিবলৈ বহু চেষ্টা চলালে কিন্তু ইয়াৰ পাচতো তেওঁলোকে ভোটদান কৰিবলৈ সক্ষম হয় ৷

তেওঁ বিজেপি যুৱ মৰ্চাৰ সভাপতি নৱদল বানিক আক্ৰমণ কৰি কয়, "যুৱ মৰ্চাৰ সভাপতি গৰাকীয়েও তেওঁৰ দুষ্ট পৰিকল্পনা চৰিতাৰ্থ কৰাত অসমৰ্থ হ'ল ৷"

বিশ্বাসে কয়, "সকলো স্থানতে বিজেপি বাহিনীয়ে সাধাৰণ লোকৰ মাজত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল ৷ সাধাৰণ ৰাইজে এনে দুষ্কাৰ্যৰ বিৰুদ্ধে থিয় দিলে আৰু বিজেপিক তেওঁলোকে অস্বীকাৰ কৰিলে ৷"

লগতে পঢ়ক : পশ্চিমবংগত পপিয়া অধিকাৰীক প্ৰহাৰ উত্তেজিত লোকৰ

ABOUT THE AUTHOR

...view details