অসম

assam

ETV Bharat / bharat

কাশ্মীৰৰ বাহিৰত বিয়া হোৱা মহিলায়ো পাব Domicile - Ek Bharat Shreshtha Bharat

এতিয়াৰে পৰা জম্মু আৰু কাশ্মীৰৰ বাহিৰে আন ৰাজ্যত বিয়া হোৱা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ স্থানীয় মহিলাসকলেও লাভ কৰিব বসবাসৰ মৰ্যাদা । মঙলবাৰে জম্মু-কাশ্মীৰ প্ৰশাসনে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । বুধবাৰে বিজেপিৰ জম্মু আৰু কাশ্মীৰ গোটে জম্মু-কাশ্মীৰ প্ৰশাসনৰ এই সিদ্ধান্তক আদৰণি জনায় ।

BJP welcomes domicile grant to J-K women married outside
বহিঃৰাজ্যত বিয়া হোৱা জম্মু-কাশ্মীৰৰ মহিলাৰ বসবাসৰ মৰ্যাদাক লৈ লোৱা সিদ্ধান্তক আদৰণি বিজেপিৰ

By

Published : Jul 22, 2021, 11:29 AM IST

নেশ্যনেল ডেস্ক, ২২ জুলাই : বহিঃৰাজ্যত বিয়া হোৱা জম্মু-কাশ্মীৰৰ মহিলাৰ বসবাসৰ মৰ্যাদা সন্দৰ্ভত জম্মু-কাশ্মীৰ প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বিজেপি গোটে । জম্মু-কাশ্মীৰৰ বিজেপিৰ সভাপতি ৰবীন্দ্ৰ ৰাইনা(Ravinder Raina)ই কয় যে, এন চি, পি ডি পি আৰু কংগ্ৰেছে বহু দশক ধৰি জম্মু-কাশ্মীৰৰ লোকসকলক কেৱল সপোন দেখুৱাই আহিছে । তেওঁ কয় যে, পাকিস্তানকে ধৰি আন দেশৰ মহিলাক বিয়া কৰোৱা বিচ্ছিন্নতাবাদী নেতাসকলৰ ৰাজ্যিক অধিকাৰ আৰু মৰ্যাদা নিশ্চিত আছিল ।

কিন্তু জম্মু-কাশ্মীৰৰ যিসকলে যুৱতীসকলে ভাৰতৰ ভিতৰত কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বাহিৰৰ লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে তেওঁলোকে বিবাহৰ পাছতে জম্মু-কাশ্মীৰত সকলো অধিকাৰ হেৰুৱাই আহিছে । কেন্দ্ৰীয় কেবিনেটে জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন, ২০১৯ৰ ৯৬ নং ধাৰাৰ অধীনত জাৰি কৰা জম্মু আৰু কাশ্মীৰ(ৰাজ্যিক আইনৰ অভিযোজন) দ্বিতীয় আদেশ ২০২০ত অনুমোদন জনাইছিল । এতিয়া এই মহিলাসকলে বাসস্থানৰ মৰ্যাদাৰ প্ৰমাণপত্ৰ লাভ কৰিব । বিজেপিয়ে এই সিদ্ধান্তক আদৰণি জনাইছে ।

ৰাইনাই লগতে কয় যে, জম্মু-কাশ্মীৰ পুনৰ গঠন আইন প্ৰণয়নৰ লগে লগে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ ধাৰণাটো কাৰ্যকৰী কৰা হৈছে । তেওঁ লগতে কয় যে, জম্মু-কাশ্মীৰৰ বাহিৰত বিয়া হোৱা মহিলাসকলৰ পৰিয়ালক বাসস্থানৰ স্থিতিৰ বাবে যোগ্য কৰি তোলা হৈছে । এই সিদ্ধান্ত জম্মু-কাশ্মীৰৰ ইতিহাসত ২০১৯ চনৰ ৫ আগষ্টৰ পিছত আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে ।

লগতে এই সিদ্ধান্তক লৈ জম্মু-কাশ্মীৰৰ লোকসকল, বিশেষকৈ মহিলাসকল আনন্দিত হৈ পৰিছে বুলি ৰাইনাই জানিবলৈ দিয়ে । ৰাইনাই ৰাজ্যপাল মনোজ সিনহাৰ নেতৃত্বত হোৱা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিতৰণক লৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৰবীন্দ্ৰ ৰাইনাই । মুঠতে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰশাসনৰ এই সিদ্ধান্তই জম্মু-কাশ্মীৰৰ বাহিৰত বিয়া হোৱা মহিলাসকলৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি আশাবাদী জম্মু-কাশ্মীৰৰ বিজেপিৰ সভাপতি ৰবীন্দ্ৰ ৰাইনা ।

লগতে পঢ়ক:অচিৰেই ভাৰত ডাইনামিক্সৰ পৰা এয়াৰ মিছাইল লাভ কৰিব ভাৰতীয় বায়ু সেনাই

ABOUT THE AUTHOR

...view details