অসম

assam

ETV Bharat / bharat

West Bengal Panchayat Election 2023 : পশ্চিমবংগত অৰ্ধসামৰিক বাহিনী মোতায়েনৰ নিৰ্দেশ - West Bengal Panchayat Election 2023

অহা ৮ জুলাইত অনুষ্ঠিত হ'ব পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচন । তাৰ পূৰ্বে ৰাজ্যখনত অৰ্ধসামৰিক বাহিনী মোতায়েনৰ নিৰ্দেশ দিছে আদালতে । হিংসাত্মক ঘটনা প্ৰতিৰোধৰ বাবে এই নিৰ্দেশ আদালতৰ ।

West Bengal Panchayat Election 2023
পশ্চিমবংগত অৰ্ধসামৰিক বাহিনী মোতায়েনৰ নিৰ্দেশ

By

Published : Jun 16, 2023, 1:00 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুন :সমাগত পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচন । নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যখনত ৰাজনৈতিক হিংসাৰ আশংকা কৰা হৈছে । ইতিমধ্যে কিছু কিছু স্থানত বিভিন্ন ৰাজনৈতিক দলৰ মাজত সংঘাত আৰম্ভ হোৱা দেখা গৈছে । পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়াৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । তাৰ মাজতে কলকাতা উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে । অহা ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোতায়েনৰ নিৰ্দেশ দিছে আদালতে । কলকাতা উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিৰোধী বিজেপিয়ে । বিজেপিৰ মতে এই সিদ্ধান্তই ৰাজ্যখনত ৰাজনৈতিক হিংসাৰ অৱসান ঘটাব ।

পশ্চিমবংগৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সময়ত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া আদালতে যি ৰায় দিছে সেয়া অতি স্পষ্ট । এই সিদ্ধান্তই বংগত গণতন্ত্ৰ পুনৰুদ্ধাৰত সহায় কৰিব । ইয়াৰ ফলত পঞ্চায়ত নিৰ্বাচন গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ব বুলিও তেওঁ আশাবাদী ।

লক্ষণীয়ভাৱে ৰাজনৈতিক হিংসাত ৪-৫ জন লোক নিহত হৈছে আৰু বিজেপি আৰু অন্যান্য বিৰোধী দলৰ কমেও ১০০ কৰ্মী আহত হৈছে । ইফালে ৪০-৫০ টা খণ্ড উন্নয়ন কাৰ্যালয়ৰ ওচৰত ৮,০০০ ৰ পৰা ১০,০০০ লোকৰ ভিৰ দেখা গৈছিল । একাংশ দুৰ্বৃত্তই প্ৰাৰ্থীসকলক তেওঁলোকৰ মনোনয়ন দাখিল কৰিবলৈও বাধা প্ৰদান কৰিছে ।

এনে এক পৰিস্থিতিত মুখ্য ন্যায়াধীশ টি এছ শিৱগনামৰ নেতৃত্বত কলকাতা উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বৃহস্পতিবাৰে পশ্চিমবংগৰ নিৰ্বাচন আয়োগক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ সকলো জিলাতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোতায়েনৰ বাবে অনুৰোধ কৰিবলৈ নিৰ্দেশ দিছে । ইফালে মনোনয়ন দাখিলৰ অন্তিম দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘৰ্ষ হোৱা দেখা গৈছিল । বীৰভূমৰ আহমেদপুৰৰ খণ্ড উন্নয়ন কাৰ্যালয়ত কোনো দুৰ্বৃত্তই বিস্ফোৰক সামগ্ৰী নিক্ষেপ কৰিছিল । অৱশ্যে, ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

যোৱা দুদিন ধৰি টিএমচি আৰু নৌশাদ চিদ্দিকী নেতৃত্বাধীন ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্টৰ (আইএছএফ) সমৰ্থকসকলৰ মাজত সংঘৰ্ষৰ ফলত কেইবাটাও অঞ্চলত বিশেষকৈ ভাংগাৰ ব্লকত উত্তেজনাৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচন ৮ জুলাইত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব । ভোটগণনা ১১ জুলাইত অনুষ্ঠিত হ'ব । পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু শাসকীয় তৃণমূল কংগ্ৰেছৰ মাজত পোনপটীয়া যুঁজ হ'ব বুলি আশা কৰা হৈছে । অহা বছৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলৰ বাবে এক নিৰ্ণায়ক পৰীক্ষা হিচাপে দেখা গৈছে এই নিৰ্বাচন ।

লগতে পঢ়ক :Manipur violence: পুনৰ পাঁচ দিনলৈ কৰ্তন ইণ্টাৰনেট সেৱা

ABOUT THE AUTHOR

...view details