অসম

assam

By

Published : Apr 23, 2023, 10:37 AM IST

ETV Bharat / bharat

Poonch terror attack: বিজেপিয়ে পুঞ্চ আক্ৰমণৰ ৰাজনৈতিক লাভালাভ আদায় কৰিব বিচাৰিছ: RJD বিধায়ক

পুঞ্চ ঘটনাৰ সৈতে চৰকাৰক সাঙুৰিলে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ভাই বীৰেন্দ্ৰই ৷ অভিযোগৰ উত্তৰ কেন্দ্ৰীয় চৰকাৰে দিব লাগিব বুলিও দাবী কৰে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ভাই বীৰেন্দ্ৰই (RJD leader Bhai Virendra allegation on BJP) ৷

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 23 এপ্ৰিল :ৰাষ্ট্ৰীয় জনতা দলৰ নেতাই বিজেপি দলৰ বিৰুদ্ধে তুলিছে গুৰুতৰ অভিযোগ ৷ বৃহস্পতিবাৰৰ দিনটোত সংঘটিত হোৱা পুঞ্চ ঘটনাৰ সৈতে চৰকাৰক সাঙুৰিলে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ভাই বীৰেন্দ্ৰই ৷ যি কথাই দেশৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা (Rashtriya Janata Dal leader Bhai Virendra) ৷

ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ভাই বীৰেন্দ্ৰই ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পুঞ্চত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত পাঁচজন ভাৰতীয় জোৱানৰ মৃত্যু হৈছে । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বীৰেন্দ্ৰই কয় যে, পুঞ্চ ঘটনাৰ সৈতে পুলৱামা ঘটনাৰ যথেষ্ট মিল আছে । ইয়াত কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ স্পষ্টকৈ দেখা গৈছে (RJD leader Bhai Virendra allegation on BJP) ।

ইয়াৰোপৰি, চৰকাৰখনে ব্ৰিটিছৰ দৰে Divide and Rule নীতিৰে, হিন্দু-মুছলমানৰ বিষয় উত্থাপন কৰিবলৈ চেষ্টা কৰিব বুলি কয় ৷ বিজেপি দল অশান্তি আৰু লুণ্ঠনত বিশ্বাস কৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ দেশৰ জোৱানসকলৰ ওপৰত হোৱা আক্ৰমণ এক দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰে ৰাষ্ট্ৰীয় জনতা দলৰ নেতাগৰাকীয়ে । এই অভিযোগৰ কেন্দ্ৰীয় চৰকাৰে উত্তৰ দিব লাগিব বুলিও দাবী কৰে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ভাই বীৰেন্দ্ৰই (RJD MLA said Poonch attack similar to Pulwama) ।

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, যি এসপ্তাহৰ পাচত বিহাৰলৈ আহিব তেওঁৰ পৰাও উত্তৰ দাবী কৰে নেতা ভাই বীৰেন্দ্ৰই । ৰাজ্যখনত দলটোৱে স্থান হেৰুৱাইছে বাবে ৰাজ্যখনলৈ অশান্তিৰ সৃষ্টি কৰিবলৈ আহিছে বুলি কয় ৰাষ্ট্ৰীয় জনতা দলৰ নেতাগৰাকীয়ে ৷ উল্লেখ্য যে, ২০ এপ্ৰিলত সেনাবাহিনীৰ এখন বাহন ৰাজৌৰী খণ্ডৰ ভীম্বাৰ গালি আৰু পুঞ্চৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত সন্ত্ৰাসবাদীয়ে সম্ভৱতঃ গ্ৰেনেডৰ জৰিয়তে গুলীচালনা কৰে, যাৰ ফলত পাঁচজন সৈনিকৰ মৃত্যু হয় (Poonch terror attack)।

শনিবাৰে পাঁচজন জোৱানৰ মৃতদেহ তেওঁলোকৰ জন্ম গাঁওলৈ অনা হয় । সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীৰ দলটো লস্কৰ-ই-তৈবা (LeT)ৰ বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক :Case against Srinivas: গ্ৰেপ্তাৰ হ’ব নেকি যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি ?

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details