নেশ্যনেল ডেস্ক, 10 জুলাই : কাসবা প্ৰতিষেধক শিবিৰ (Kasba Vaccination camp) সন্দৰ্ভত উত্থাপিত অভিযোগক পূৰ্ণৰূপত উপস্থাপনৰ বাবে কলিকতা বিজেপিয়ে তিনিদিনীয়া বিক্ষোভ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 5 জুলাইত গ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীসমূহ বিফল হোৱাৰ পিছত দলটোৱে এইবেলি সম্পূৰ্ণ সাৱধানতা অৱলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কলকাতাস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷
বিজেপিৰ পশ্চিমবংগৰ ৰাজ্যিক সম্পাদক সায়ন্তন বসুৱে (Sayantan Basu) কয় যে, এই বিক্ষোভ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে দলটোৰ মহিলা নেতৃসকলৰ উপৰিও ইউথ উইঙ (Youth Wing)ৰ সদস্যসকলক বিশেষ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইয়াৰ উপৰিও সম্পূৰ্ণ ক’ভিড প্ৰট’কল (covid protocol) মানি এই বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে জিলা দণ্ডাধীশৰ অনুমতি গ্ৰহণ কৰা হ’ব বুলিও জনায় সায়ন্তন বসুৱে (Sayantan Basu) ৷ গেৰুৱা দলটোৱে জিলা দণ্ডাধীশৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷
এই বিক্ষোভ কাৰ্যসূচীত দলটোৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকিব ৷
"ভুৱা প্ৰতিষেধক শিবিৰৰ উপৰিও, পশ্চিমবংগত প্ৰতিষেধৰ প্ৰদানত অনিয়মো সংঘটিত হৈ আহিছে ৷ প্ৰায় সৰহ সংখ্যক জিলা আৰু খণ্ড চিকিৎসালয়ত ভেকচিনৰ বাবে দিঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ উপৰিও এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত মধ্যব্যক্তিৰ উপস্থিতিৰো অভিযোগ উত্থাপিত হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত ইয়াকে লৈ অসন্তোষৰ সৃষ্টি হৈছে ৷ গতিকে আমি এই বিষয়টো শান্ত হৈ যোৱাটো নিবিচাৰে ৷"- এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই এনেদৰে কয় ৷