নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনি কৰাক লৈ ভাৰতীয় জনতা পাৰ্টীৰ ভিতৰচ'ৰাত এতিয়া গুণা-গঠা চলিছে । বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰমেন ডেকাই ই টিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনি কৰা বিষয়ত কয় যে, দলে সঠিক সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰিব । তেওঁ কয় যে, শাসকীয় দলে তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা নকৰে। যিদৰে বিজেপিয়ে মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা নাছিল ।
নিৰ্বাচনৰ পিছত কেৱল দলৰ শীৰ্ষ নেতৃত্বই এই সিদ্ধান্ত গ্ৰহণ কৰিব । বিগত বৰ্ষৰ মাৰ্চ মাহত মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ পতনৰ পিছত বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ প্ৰায় এসপ্তাহ সময় লৈছিল । এই শীৰ্ষ পদবীৰ বাবে শিৱৰাজ সিং চৌহান উপযুক্ত প্ৰাৰ্থী আছিল যদিও বিজেপিয়ে কেইবাদিনৰ পিছতহে তেওঁৰ নাম ঘোষণা কৰিছিল । অসমৰ ক্ষেত্ৰত, বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণেৱালে মুখ্যমন্ত্ৰী পদৰ মুখ্য দাবীদাৰ হোৱাৰ সম্ভাৱনা অধিক যদিও তেওঁ একমাত্ৰ প্ৰাৰ্থী নহয় ।
ৰাজ্যৰ ৰাজনৈতিক মহলৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দুয়োৰে সৈতে সু-সম্পৰ্ক থকা অসমৰ স্বাস্থ্য মন্ত্ৰী তথা উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট(NEDA)ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাও এই শীৰ্ষ পদবীৰ বাবে আন এজন দাবীদাৰ । দৰাচলতে, কংগ্ৰেছৰ কাৰ্যকালতো, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ বাবে ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে এক প্ৰকাৰৰ বিদ্ৰোহৰ সূচনা কৰিছিল । অৱশ্যে, যেতিয়া তেওঁৰ আহ্বানৰ প্ৰতি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিশেষ গুৰুত্ব আৰোপ নকৰিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰিছিল । বিজেপিত যোগদান কৰাৰ পিছৰে পৰা, ড০ শৰ্মাই দলৰ বাবে উত্তৰ-পূবৰ সংকট দূৰ কৰাৰ কাম কৰি আছিল ।
ড০ শৰ্মাই মণিপুৰত চৰকাৰ গঠনৰ ক্ষেত্ৰতো যে, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেয়া সৰ্বজন বিদিত । শেহতীয়াকৈ বিটিআৰ নিৰ্বাচনত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মিত্ৰ দল বড়োলেণ্ড পিপ'লছ ফ্ৰণ্ট(বিপিএফ)ৰ সৈতে সম্পৰ্ক শেষ কৰাৰ আঁৰতো হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আছিল বুলি চৰ্চা চলিছিল । গেৰুৱা দলটোৰে একাংশ লোকে ই টিভি ভাৰতক জনোৱা মতে, ড০ শৰ্মাও অসমৰ মুখ্যমন্ত্ৰী পদৰ বাবে আশাবাদী । অসমত বিজেপিৰ শাসনৰ সম্ভাৱনাৰ বিষয়ত ৰমেন ডেকাই কয় যে, দলটো আকৌ এবাৰ ক্ষমতালৈ আহিব । ডেকাই কয় যে, বিজেপিয়ে এই মিত্ৰ দলৰ সৈতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি ১০০+ আসন দখল কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিব ।
বিজেপিয়ে অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ সৈতে লগ হৈ সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হৈছে । ৰমেন ডেকাই দাবী কৰে যে, মিত্ৰজোঁটে বড়োভূমিত ১২ খন আসনেই দখল কৰিবলৈ সক্ষম হ'ব । বৰ্তমান বিটিআৰত ইউ পি পি এল দলৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ চৰকাৰে শাসন কৰি আছে । সেয়ে, বিধানসভা নিৰ্বাচনত ১২ খন আসনেই বিজেপি তথা মিত্ৰজোঁটৰ দখললৈ অহা নিশ্চিত বুলি দাবী কৰে ৰমেন ডেকাই । অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত বিটিআৰত ১২টা বিধানসভা সমষ্টি আছে ।