আগৰতলা, 16 মে’:ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাত শনিবাৰে স্থানীয় গাঁও সমিতিক নিয়ন্ত্ৰণৰ ক্ষমতাকেন্দ্ৰীক কাজিয়াক কেন্দ্ৰ কৰি টিপ্ৰা মোথা আৰু বিজেপি দলৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় । উক্ত হিংসাত্মক ঘটনাত দুয়োটা দলৰ 10 জনকৈ সমৰ্থক আহত হয় ৷
জানিব পৰা মতে, টিপ্ৰা মোথাৰ সমৰ্থকৰ এটা বৃহৎ গোটে হৰিশ্যমুখ গ্ৰামোন্নয়ন খণ্ডৰ অধীনৰ স্থানীয় গাঁও পৰিষদৰ ওপৰত সকলো নিয়ন্ত্ৰণ লাভ কৰাৰ বাবে ইচ্ছাকৃতভাৱে স্থানীয় বিজেপি দলৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ পাছতে সংঘাতৰ সৃষ্টি হয় ।
8খনকৈ এডিচি গাঁও টিপ্ৰা মোথাৰ সমৰ্থকে কোনো বাধা নোহোৱাকৈ নিজৰ দখলত ৰাখিব বিচৰাৰ বাবে এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে দুয়োটা ফৈদৰ মাজত হোৱা সংঘাতৰ পাছতে অঞ্চলটোত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷