নিউজ ডেস্ক: বিতৰ্কিত মন্তব্য কৰি ভাৰতীয় জনতা পাৰ্টিৰ পৰা বহিস্কৃত হ’ল বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাৰ লগতে সাংসদ নবীন জিন্দাল ৷ পয়গম্বৰ মহম্মদৰ(Paigambar Hazrat Muhammad) বিষয়ে বিতৰ্কিত মন্তব্য কৰাৰ বাবে দেওবাৰে ভাৰতীয় জনতা পাৰ্টি দলে ল’লে এই কঠোৰ সিদ্ধান্ত ৷ দলৰ প্ৰাথমিক সদস্যপদৰ পৰাও নিলম্বন কৰা হ’ল দুয়োকে ৷
নুপুৰ শৰ্মাৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণৰ পূৰ্বে বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে এক বিবৃতি জাৰি কৰিছিল (BJP suspends Nupur Sharma)। উক্ত বিবৃতিৰ জৰিয়তে তেও কয় যে, ভাৰতীয় জনতা পাৰ্টিয়ে সকলো ধৰ্মক সন্মান কৰে । নুপূৰ শৰ্মাৰ বক্তব্যই মুছলমান লোকসকলক অসন্তুষ্ট কৰিছিল । বিজেপিয়ে নুপূৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশা কৰা বুলি মন্তব্য কৰে অৰুণ সিঙে(General Secretary of BJP Arun Singh) ৷