অসম

assam

ETV Bharat / bharat

বিজেপি-আৰএছএছে য’লৈকে যায় তাতেই ঘৃণা বিয়পায় : ৰাহুল গান্ধী - দাৰ্জিলিঙত ৰাহুল গান্ধী

পশ্চিমবংগৰ দাৰ্জিলিঙত বুধবাৰে এক ৰাজহুৱা জনসভাত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, ভাৰতীয় জনতা পাৰ্টি আৰু আৰএছএছ য’লৈকে যায়, তাতেই মানুহৰ মাজত ঘৃণা বিয়পাই দিয়ে ৷

Rahul Gandhi
ৰাহুল গান্ধীৰ মন্তব্য

By

Published : Apr 15, 2021, 6:43 AM IST

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : পশ্চিমবংগৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (আৰএছএছ)ক তীব্ৰ সমালোচনা কৰি কয় যে, তেওঁলোকে য’লৈকে যায়, সেই ঠাইতেই মানুহৰ মাজত ঘৃণা তীব্ৰতৰ কৰি তোলে ৷

তেওঁ কয় যে, এই ক্ষেত্ৰত বিজেপিয়ে অসম, তামিলনাডু, পশ্চিমবংগৰ ইতিহাস আৰু সংস্কৃতিক আক্ৰমণ কৰিছে । দাৰ্জিলিঙত এক ৰেলী সম্বোধন কৰি এইদৰে মন্তব্য আগবঢ়ায় কংগ্ৰেছ নেতা গৰাকীয়ে ৷

ৰাহুল গান্ধীয়ে দেশত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে সঠিক ব্যৱস্থা ল’ব নোৱাৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সমালোচনা কৰে ৷ তেওঁ কয় যে, প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰসকলক সহায় কৰাৰ বিপৰীতে থাল বজাই ম’বাইলৰ ফ্লাছ জ্বলাবলৈ কয় ৷

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত তেওঁ আৰু তেওঁৰ সহযোগী দলৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি দেশত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ সাজু থাকিবলৈ পৰামৰ্শ দিয়াৰ পাচত সংবাদ মাধ্যমসমূহে তেওঁক কেনেদৰে সমালোচনা কৰিছিল ৷

উল্লেখ্য যে, ৰাজ্যখনত প্ৰথম চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে । চলিত নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ আগন্তুক 17 এপ্ৰিলত অনুষ্ঠিত হ’ব । আনহাতে ভোটগণনা 2মে’ত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক :ডাল হ্ৰদত কাশ্মীৰৰ পৰ্যটন সঞ্চালকালয়ৰ শিকাৰা ৰেলী

ABOUT THE AUTHOR

...view details