নিউজ ডেস্ক, 22 অক্টোবৰ : ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা বছৰ 23 আগষ্টত পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে বিধায়ক ৰাজা সিঙক জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ যথাযথভাৱে বিবেচনা কৰাৰ পিছত তেলেংগানাৰ বিধায়কগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰে ৷ যিয়ে ৰাজ্যখনত এক বৃহৎ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছিল ৷
ৰাজা সিঙে ইতিমধ্যে বিজেপিৰ টিকটত পুনৰ গোছামহলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল ৷ বিজেপিয়ে বিধায়ক ৰাজা সিঙৰ নিলম্বন বাতিল কৰাৰ লগে লগে এতিয়া তেওঁৰ বাবে আগন্তুক 30 নৱেম্বৰৰ তেলেংগানা বিধানসভা নিৰ্বাচনত পুনৰবাৰ হায়দৰাবাদৰ পুৰণি চহৰৰ গোছামহল বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পথ মুকলি কৰি দিছে ৷
লগতে পঢ়ক :Cash for Questions Row : মহুৱা মৈত্ৰৰ নগদ ধন কেলেংকাৰীৰ বিতৰ্ক; কিয় আঁতৰি আছে তৃণমূল কংগ্ৰেছৰ নেতৃত্ব ?
কাৰণ দৰ্শাবলৈ দিয়া জাননীৰ প্ৰত্যুত্তৰত ৰাজা সিঙৰ উত্তৰ বিজেপিয়ে মানি লয় ৷ বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিৰ সদস্য সম্পাদক ওম পাঠকে কয় যে "এইটোৱে কাৰণ দৰ্শাবলৈ জাননীত আপোনাৰ উত্তৰক বুজায় ৷ তাত আগবঢ়োৱা আপোনাৰ উত্তৰ আৰু ব্যাখ্যা সমিতিখনে বিবেচনা কৰিছে ৷ আপোনাৰ উত্তৰৰ ভিত্তিত কমিটীয়ে আপোনাৰ নিলম্বন তৎক্ষণাত বাতিল কৰাৰ সিদ্ধান্ত লৈছে ৷"
অতি শীঘ্ৰে বিজেপিয়ে তেলেংগানা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ৷ শেহতীয়াকৈ নিলম্বন বাতিল হোৱাৰ লগে লগে দলীয় মহল আত্মবিশ্বাসী যে ৰাজা সিঙক গোছামহলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পুনৰ মনোনীত কৰা হ’ব ৷ শাসকীয় ভাৰত ৰাষ্ট্ৰ সমিতি আৰু মূল বিৰোধী কংগ্ৰেছ দলৰ সৈতে ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আবদ্ধ হৈ আছে বিজেপি ৷ ৰাজা সিঙৰ নিলম্বন প্ৰত্যাহাৰে তেলেংগানাৰ ৰাজনীতিত নতুন জোকাৰণিৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে ৷
লগতে পঢ়ক :Rajasthan Election 2023: সন্মুখত নিৰ্বাচন; টিকটৰ আশাত বিৰোধীও কাষ চাপিছে শচীন পাইলটৰ