নেশ্যনেল ডেস্ক,২৬ মাৰ্চ: অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব পুডুচেৰীৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত এতিয়া ৰাজনৈতিক দলসমূহৰ ভিতৰত বিশেষকৈ বিজেপিয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । বিজেপিয়ে ইতিমধ্যে ৯ খন আসন বুজাবুজিৰে এন আৰ কংগ্ৰেছৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰিছে ।
সমান্তৰালকৈ শুকুৰবাৰে বিজেপিয়ে মুকলি কৰে দলৰ নিৰ্বাচনী ইস্তাহাৰ । ইস্তাহাৰত উল্লেখ কৰা মতে যদি পুডুচেৰীত পুনৰ তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ আহে তেনেহ'লে প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ মহিলাৰ শিক্ষা বিনামূলীয়া হ'ব । নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে তেওঁলোকে নৱম শ্ৰেণীৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া লেপটপ প্ৰদান কৰিব । বিদ্যালয় শিক্ষাৰ এক পৃথক বিভাগ, পোছাক নিৰ্মাণ প্ৰযুক্তি উদ্যান, মহাকবি ভাৰাথিয়াৰৰ ১৫০ ফুটৰ প্ৰতিমূৰ্তিৰ লগতে বিজেপিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে এই ইস্তাহাৰৰ জৰিয়তে ।