নিউজ ডেস্ক , ৩ ফেব্ৰুৱাৰী:কেৰালাৰ আহি থকা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে । ভোটাৰৰ মন জয় কৰিবলৈ ইটো দলে আনটো দলক সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আক্ৰমণাত্মক মন্তব্য় শাসকীয় এলডিএফ আৰু ইউডিএফক উদ্দেশ্য়ি ।
ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে দুয়োটা দলে এটা মূদ্ৰাৰ ইপিঠি সিপিঠি আৰু দল দুটা দুৰ্নীতিগ্ৰস্ত । সমান্তৰালকৈ দুয়োটা দলে ৰাইজৰ বিশ্বাসযোগ্য়তা হেৰুৱাইছে কিয়নো তেওঁলোকৰ কেৰালাকলৈ কোনো লক্ষ্য় নাই বুলি মন্তব্য় কৰে নেতাগৰাকীয়ে । তেওঁৰ অভিযোগ দুয়োটা দলে কেৱল ক্ষমতাকলৈ ব্য়স্ত । দুয়োটা দলৰ মাজৰ মনোমালিন্য়ৰ সুযোগ লৈ পশ্চিমবংগত বাওঁপন্থী আৰু কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ বাবে মিত্ৰতা কৰা বুলিও অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে ।