অসম

assam

By

Published : Apr 17, 2022, 12:02 PM IST

ETV Bharat / bharat

দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰালৈ আহিব বিজেপিৰ সভাপতি জে পি নাড্ডা

ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভাৰ উপ-নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰালৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP President JP Nadda to visit Tripura)। দলীয় কৰ্মীক সম্বোধন কৰাৰ লগতে দলীয় নেতা-কৰ্মীৰে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব নাড্ডা । সূত্ৰৰ মতে চলিত মাহতে ত্ৰিপুৰালৈ আহিব সভাপতিগৰাকী ।

Tripura
দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰালৈ আহিব বিজেপিৰ সভাপতি জে পি নাড্ডা

আগৰতলা,১৭ এপ্ৰিল :অতি শীঘ্ৰে ঘোষণা হ'ব ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ তাৰিখ (Tripura bypoll date to be announced)। জানিব পৰা মতে সোমবাৰৰ ভিতৰত ভিতৰত উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ'ব । যাৰবাবে একপ্ৰকাৰ ৰাজ্যখনত নিৰ্বাচনী গৰম বতাহ দেখিবলৈ পোৱা গৈছে । প্ৰতিটো ৰাজনৈতিক দলে এইবাৰ তীব্ৰ প্ৰতিদ্বন্দিতাৰ বাবে সাজু হৈছে ।

ইফালে অহাবছৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব (Tripura assembly election to be held next year)। যাৰবাবে শাসকীয় বিজেপি দলে বিভিন্ন ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিছে । দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে এই মাহতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰালৈ আহিব (JP Nadda to visit Tripura)।

ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছত জে পি নাড্ডাৰ এয়া হ'ব প্ৰথম ত্ৰিপুৰা ভ্ৰমণ । অৱশ্যে ইয়াৰপূৰ্বে ক'ভিড পৰিস্থিতি আৰু অন্যান্য ব্যস্ততাৰ বাবে জে পি নাড্ডাৰ ত্ৰিপুৰা ভ্ৰমণৰ কাৰ্যসূচী বাতিল হৈছিল । জানিব পৰা মতে জে পি নাড্ডাৰ ত্ৰিপুৰা ভ্ৰমণৰ তাৰিখ এতিয়ালৈ চূড়ান্ত হোৱা নাই ।

দলীয় সূত্ৰৰ মতে জে পি নাড্ডাই ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ বিভিন্ন গোটৰ সৈতে বৈঠকত মিলিত হ'ব । দলটোৰ সাংগঠনিক দিশটো পৰ্যালোচনা কৰিব । ইফালে দলীয় কৰ্মকৰ্তাক সম্বোধন কৰিব আৰু দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ'ব বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক :উত্তৰ পূৱত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details