অসম

assam

ETV Bharat / bharat

Madhya Pradesh Elections 2023 : অশোক গেহলট আৰু ভূপেশ বাঘেল মুখ্যমন্ত্ৰী নহয়, ধন সংগ্ৰাহক; বিজেপি সভাপতি জে পি নাড্ডা

মুখ্যমন্ত্ৰী অশোক গেহলট, মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে তথা প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ধন সংগ্ৰাহক হিচাপে কাম কৰিছে, যিবোৰ ধন দিল্লী দৰবাৰলৈ পঠোৱা হৈছে । এয়া হৈছে কেলেংকাৰীৰ চৰকাৰ । তেনে চৰকাৰক ক্ষমতালৈ আহিবলৈ দিয়া উচিতনে বুলিও নাড্ডাই প্ৰশ্ন কৰে ।

অশোক গেহলট আৰু ভূপেশ বাঘেল মুখ্যমন্ত্ৰী নহয়, ধন সংগ্ৰাহক
Madhya Pradesh Elections 2023

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:32 PM IST

নিউজ ডেস্ক, ৩ নৱেম্বৰ: পাঁচ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য তুংগত উঠিছে । ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত চলিত মাহত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ বাবে প্ৰতিটো দলেই কঁকালত টঙালি বান্ধি প্ৰচাৰ যুদ্ধত নামি পৰিছে । বিশেষকৈ মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছ-বিজেপি সমুখ সমৰত নামি পৰিছে । তাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে মধ্যপ্ৰদেশত উপস্থিত হয় । দিনজোৰা ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হোৱা নাড্ডাই ৰেৱাত জিলাৰ থিউন্থাৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ তিৱাৰীৰ সপক্ষে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । উক্ত জনসভাত ভাষণ প্ৰদান কৰি জে পি নাড্ডাই কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণ কৰে । তেওঁ পূৰ্বৰ কমল নাথ চৰকাৰকো তীব্ৰ সমালোচনা কৰে ।

উল্লেখ্য যে থিউন্থাৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্বাৰ্থ তিৱাৰীয়ে কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । এই সমষ্টিটোৰ পৰা সিদ্ধাৰ্থ তিৱাৰীক জয়ী কৰাবৰ বাবে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকল উঠি-পৰি লাগিছে । তাৰেই অংশ হিচাপে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শুকুৰবাৰে সমষ্টিটোত প্ৰচাৰ চলায় । লগতে তেওঁ এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰি সিদ্ধাৰ্থ তিৱাৰীৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায় ।

জনসভাত ভাষণ প্ৰদান কৰি জে পি নাড্ডাই কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণ কৰে । আনহাতে, নাড্ডাই বিজেপি চৰকাৰে আৰম্ভ কৰা আঁচনিসমূহৰ বিষয়েও কয় । নাড্ডাই নৰ্মদা প্ৰকল্প, নল জল যোজনা, উজ্জ্বলা গেছ সংযোগ আৰু প্ৰধানমন্ত্ৰী আৱাসৰ দৰে উচ্চাকাংক্ষী আঁচনিৰ কথাও উল্লেখ কৰে ।

আনহাতে, কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি জে পি নাড্ডাই কয় যে কমল নাথৰ আত্মীয়সকলৰ ঘৰৰ পৰা যথেষ্ট পৰিমাণৰ ধন ওলাই আহিছে । তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা উচিত হনে নহয় । মুখ্যমন্ত্ৰী অশোক গেহলট, মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে তথা প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ধন সংগ্ৰাহক হিচাপে কাম কৰিছে, যিবোৰ ধন দিল্লী দৰবাৰলৈ পঠোৱা হৈছে । এয়া হৈছে কেলেংকাৰীৰ চৰকাৰ । তেনে চৰকাৰক ক্ষমতালৈ আহিবলৈ দিয়া উচিতনে বুলিও নাড্ডাই প্ৰশ্ন কৰে ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই লগতে কয় যে বিজেপিৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে পাঁচ বছৰৰ পিছত এখন ৰিপোৰ্ট কাৰ্ড লৈ আহে । তাত প্ৰতিগৰাকী প্ৰাৰ্থীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কাৰ্য সম্পৰ্কে সম্পূৰ্ণ উল্লেখ থাকে । নাড্ডাই মধ্যপ্ৰদেশৰ আন তিনিটা বিধানসভা সমষ্টিতো শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় ।

ABOUT THE AUTHOR

...view details