নেশ্যনেল ডেস্ক, ২৪ জুলাই :২০২২ চনৰ আৰম্ভণিতে গোৱাৰ বিধানসভা নিৰ্বাচন (Goa Assembly Election) অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে । যাৰ বাবে এতিয়া গোৱালৈ ইজনৰ পিছত সিজন কেন্দ্ৰীয় নেতাৰ আগমন ঘটিছে । বিৰোধী কংগ্ৰেছে অহা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে । আনহাতে শাসকীয় বিজেপি দলেও গোৱাত পুনৰ ৰাজত্ব কৰাৰ আশাত বন্দী হৈ আছে ।
পূৰ্বতকৈ অধিক আসন লাভৰ আশাত আছে বিজেপি (BJP) । যাৰবাবে বিজেপিৰ কেইবাজনো কেন্দ্ৰীয় নেতাই শেহতীয়াকৈ গোৱাত উপস্থিত হৈছে । এইবাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও (National President J P Nadda) শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে গোৱাত উপস্থিত হয় । এই সময়চোৱাত দলৰ নেতাসকলক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ।
বিজেপি নেতাগৰাকী গোৱাত উপস্থিত হোৱাৰ লগে লগে তেওঁক বিশাল আদৰণি জনায় দলীয় নেতাসকলে । গোৱা বিজেপিৰ সভাপতি সদানন্দ তানাভাদে (Sadanand Tanavade), মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত (Pramod Sawant) আৰু অন্যান্য কৰ্মকৰ্তাসকলে দাবলিম বিমানবন্দৰত উপস্থিত হৈ বিপুল আদৰণি জনাই নাড্ডাক ।