অসম

assam

ETV Bharat / bharat

Kargil Vijay Diwas: কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি BJP ৰ বাইক ৰেলী - ভাৰতীয় জনতা পাৰ্টি

অহা 26 জুলাইত উদযাপন কৰা হ’ব কাৰ্গিল বিজয় দিৱস ৷ ইয়াৰ লগত সংগতি ৰাখি সোমবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে শ্ৰীনগৰৰ লাল চ'কৰ পৰা দ্ৰাছলৈ বাইক ৰেলীৰ আয়োজন কৰে ৷ অনুষ্ঠানটোত বিজেপি কৰ্মীসকলে অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰে ।

bjp-organized-bike-rally-from-lal-chowk-to-dras-in-memory-of-the-soldiers-who-died-in-the-kargil-war
কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি BJP ৰ বাইক ৰেলী

By

Published : Jul 25, 2022, 6:15 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুলাই: অহা 26 জুলাইত উদযাপন কৰিব লগীয়া কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে শ্ৰীনগৰৰ লাল চ'কৰ পৰা দ্ৰাছলৈ বাইক ৰেলীৰ আয়োজন কৰে (BJP organized bike rally from Lal Chowk to Dras) ৷ অনুষ্ঠানটোত বিজেপি কৰ্মীসকলে অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰে ।

কাৰ্গিল যুদ্ধত মৃত্যু হোৱা জোৱান সকলৰ স্মৃতিত এই বাইক ৰেলীৰ আয়োজন কৰা হৈছে বুলি অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলে উল্লেখ কৰে (BJP event at Lal chowk on Kargil Vijaya Diwas) ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে বিজেপিৰ যুৱ ৰাষ্ট্ৰীয় সম্পাদক বৈভৌ কুমাৰে (BJP Youth National Secretary Vaibhau Kumar) ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত শ্ৰীনগৰত প্ৰথমবাৰৰ বাবে বিজেপিয়ে এনেদৰে বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, ১৯৯৯ চনত কাৰ্গিলৰ ড্ৰাছ ছেক্টৰত হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধত (War between Pakistan and India in Dras sector of Kargil) ভাৰতে পৰাক্ৰম দেখুৱাই পাকিস্তানী সৈন্যক ভাৰতৰ ভূমিৰ পৰা উভতি যাবলৈ বাধ্য কৰাইছিল । দেশৰ গৰিমা, সুৰক্ষা অক্ষুণ্ণ ৰখাৰ বাবে জীৱন উছৰ্গা কৰিছিল ভাৰতৰ ৫২৭ গৰাকী বীৰ জোৱানে । এই ভাৰতৰ বীৰ জোৱানসকলৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস উদযাপন কৰি অহা হৈছে ।

লগতে পঢ়ক:President Droupadi Murmu: দৰিদ্ৰ ভাৰতীয়সকলেও আকাংক্ষা পূৰণ কৰিব পাৰে: দ্ৰৌপদী মূৰ্মু

ABOUT THE AUTHOR

...view details